নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন বছৰত অভিলেখসংখ্যক শিশু জন্মিল ভাৰতত, চীনক পিছুৱাই হ’ল প্রথম

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ এফালে দেশত জনসংখ্যা নিয়ন্ত্রণৰ কথা কোৱা হৈছে, আনফালে দেখা গৈছে নৱবর্ষ উপলক্ষে গোটেই বিশ্বৰ ভিতৰতে সকলোতকৈ বেছি সংখ্যক শিশু জন্ম হ’ল ভাৰতত। ভাৰতত নৱবর্ষ উপলক্ষে গোটেই বিশ্বৰ সর্বাধিক ৬০,০০০ শিশু জন্মগ্রহণ কৰিলে।

UNICEF-ৰ অনুমান অনুসৰি, ভাৰতত এই বছৰ ১ জানুৱাৰীত চীনতকৈ বেছি শিশুৰ জন্ম হৈছে। পহিলা জানুৱাৰীত চীনত জন্ম হোৱা শিশুৰ সংখ্যা হ’ল ৩৫,৬১৫ টা। শিশু জন্মৰ ক্ষেত্রত চীন এইবাৰ দ্বিতীয় স্থানত আছে।

UNICEF-ৰ অনুমান, ২০২১ চনত ১ জানুৱাৰী বিশ্বব্যাপী ৩,৭১১,৫০৪  ৰো বেছি শিশু জন্ম হৈছে। ইয়াৰে ৫২ শতাংশ শিশু জন্ম হৈছে মাত্র দহখন দেশত।

ইয়াৰে ভাৰতত ৫৯,৯৯৫ শিশু জন্মগ্রহণ কৰিছে, চীনত ৩৫,৬১৫, নাইজেৰিয়াত ২১,৪৩৯, পাকিস্তানত ১৪,১৬১, ইন্দোনেছিয়াত ১২,৩৩৯, মার্কিন যুক্তৰাষ্ট্রত ১০,৩১২, মিছৰেত ৯,৪৫৫, বাংলাদেশত ৯,২৩৬ আৰু কঙ্গো গণতান্ত্রিকত ৮,৬৪০ শিশু জন্মগ্রহণ কৰিছে।

You might also like