নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰ’শনী ভূমি কেলেংকাৰিত জড়িত ফাৰুক আব্দুলা

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ জম্মু–কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী তথা বর্তমানৰ সাংসদ ফাৰুক আব্দুল্লা ৰ’শনী ভূমি কেলেংকাৰিত জড়িত৷ ১৯৯৮ চনত ফাৰুক আব্দুল্লাই বে–আইনীভাৱে ৭ কেনেল চৰকাৰী ভূমি দখল কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতেই ৰাজহ বিভাগে প্রাক্তন মুখ্যমন্ত্রী আব্দুল্লা ভূমি কেলেংকাৰিত জড়িত থকা বুলি দাবী কৰিছে৷

জম্মু–কাশ্মীৰৰ ৰ’শনী আইনৰ অধীনত জম্মুৰ সঞ্জুৱানত ফাৰুক আব্দুল্লাই ৩ কেনেল ভূমি ক্রয় কৰিছিল যদিও তেওঁ ৭ কেনেল ভূমি বেআইনীভাৱে দখল কৰিছিল৷ এই ভূমিখিনিৰ বজাৰ মূল্য প্রায় ১০ কোটি৷ আব্দুল্লাই এই ভূমিত তেওঁ প্রতিষ্ঠা কৰা নেচনেল কনফাৰেঞ্চৰ কার্যালয় স্থাপন কৰিছিল৷ অলপতে জম্মু–কাশ্মীৰ প্রশাসনে ছমাহৰ ভিতৰত সমগ্র ভূমিখিনি ওভতাই লোৱাৰ ঘোষণা কৰিছে৷

তাৎপর্যপূর্ণ যে যোৱা ৯ অক্টোবৰত জম্মু–কাশ্মীৰ উচ্চ ন্যায়ালয়ে এই ভূমিৰ অনিয়ম সন্দর্ভত তদন্ত কৰিবলৈ চি বি আইক দায়িত্ব অর্পণ কৰিছে৷

You might also like