নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অযোধ্যা গোচৰৰ ৰায়দান কৰা পাঁচ ন্যায়াধীশ : চাৰিজনেই নাথাকে ৰাম মন্দিৰ উদ্বোধনত

বিশেষ বাৰ্তা, ২২ জানুৱাৰী : ২০১৯ চনৰ ৯ নৱেম্বৰত তেতিয়াৰ দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃত্বাধীন সাংবিধানিক বিচাৰপীঠে অযোধ্যাৰ গোচৰৰ ৰায়দান কৰিছিল৷ আজি ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানলৈ এই পাঁচগৰাকী বিচাৰপতিক আমন্ত্রণ জনোৱা হৈছিল যদিও এগৰাকীয়েহে অনুষ্ঠানত অংশগ্রহণ কৰিব বুলি জানিব পৰা গৈছে৷ উল্লেখনীয় যে তেতিয়াৰ পাঁচ বিচাৰপতিৰ সাংবিধানিক বিচাৰপীঠৰ চাৰিগৰাকীয়ে অৱসৰ গ্রহণ কৰিছে৷ অৱসৰ গ্রহণ নকৰা ডি ৱাই চন্দ্রচূড় বর্তমান দেশৰ মুখ্য ন্যায়াধীশ৷ ৰঞ্জন গগৈ বর্তমান ৰাজ্যসভাৰ সাংসদ৷ ইফালে, আন তিনিগৰাকী অৱসৰ গ্রহণ কৰা বিচাৰপতি হৈছে অশোক ভূষণ, এছ এ বোবডে আৰু এছ আব্দুল নাজিৰ৷ উল্লেখনীয় যে আজি ৰাম মন্দিৰ উদ্বোধনৰ দিনা অসমত নিজৰ ঘৰতে উপস্থিত থাকিব ৰঞ্জন গগৈ৷ আব্দুল নাজিৰ বর্তমান অন্ধ্রপ্রদেশৰ ৰাজ্যপাল৷ নাজিৰো এই অনুষ্ঠানত উপস্থিত নাথাকে৷ অৱসৰৰ পাছৰে পৰা নাগপুৰত আছে এছ এ বোবডে৷ এই অনুষ্ঠানত বোবডেৰ উপস্থিতিৰ সম্ভাৱনাও কম৷ একমাত্র অশোক ভূষণে অযোধ্যাৰ এই ঐতিহাসিক অনুষ্ঠানত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে৷ লক্ষণীয়ভাৱে বর্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে আজি উচ্চতম ন্যায়ালয়তে ব্যস্ততাৰে কটাব বুলি ইতিমধ্যে ঘোষণা কৰিছে৷

You might also like