নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰুষ এজন ! একেই সময়তে অন্তঃসত্ত্বা ৫ মহিলা

🔹 ব্রুকলিনৰ গায়িকা লিজি আলিচেহৰ পোষ্টক লৈ আলোড়ন

বিশেষ বাৰ্তা, ২১ জানুৱাৰী : এজন পুৰুষৰ দ্বাৰাই গর্ভৱতী পাঁচগৰাকী নাৰী ! প্রায় একেই সময়তেই পৰিছে আটাইকেইগৰাকীৰ ডেলিভাৰী ডেট৷ কেনেদৰে সম্ভৱ এই কথা হয় বুলি দাবী কৰিলে ব্রুকলিনৰ এগৰাকী গায়িকাই৷ এই গায়িকাগৰাকীৰ নাম লিজি আলিচেহ৷ ছ’চিয়েল মিডিয়াত ইতিমধ্যে এক ছবি মুকলি কৰি দিছে লিজিয়ে৷ এই ছবিত লিজিয়ে উল্লেখ কৰিছে যে তেওঁ আৰু অন্য চাৰিগৰাকী তৰুণীৰ সন্তানৰ হ’ব লগা পিতৃ এজনেই৷ এই পাঁচ তৰুণীৰ প্রেমিক হৈছে জেডি উইল৷ লিজিয়ে শ্বেয়াৰ কৰা ছবিত জেডিক একেলগে দেখিবলৈ পোৱা গৈছে৷ লিজিৰ প্র’ফাইলৰ পৰা জানিব পৰা অনুসৰি অন্য তৰুণীকেইগৰাকীৰ নাম হৈছে বনি বি, কে মেৰি, জেলিন ভিলা আৰু য়ানলা জি৷ ইয়াৰ ভিতৰত মেৰী আৰু লিজিৰ ডেলিভাৰী ডেট ওচৰা–উচৰিকৈ পৰিছে৷ আটাইতকৈ ডাঙৰ কথাটো হৈছে জেডিক লৈ তেওঁলোক সন্তুষ্ট৷ লিজিয়ে নিজৰ পোষ্টত উল্লেখ কৰিছে যে যি হৈছে তাক অস্বীকাৰ কৰিব নোৱাৰি৷ বৰঞ্চ মানি লোৱাই ভাল৷ ইয়াৰ ফলত অন্ততঃ তেওঁলোক আটাইকেইগৰাকী শান্তিৰে থাকিব পাৰিব৷ অকল সেয়াই নহয়, তেওঁলোকৰ আহিব লগা সন্তানে এখন বৃহৎ পৰিয়াল দেখিবলৈ পাব বুলিও আশা প্রকাশ কৰিছে লিজিয়ে৷ সন্তানক বৃহৎ পৰিয়ালৰ সদস্য হোৱাটো বিচাৰে গায়িকা লিজিয়ে৷

You might also like