নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰাখণ্ডত বন জুই: টেহৰি গাঢ়ৱালত প্রাণহানি ৪জন লোকৰ

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ উত্তৰাখণ্ডৰ টেহৰি গাঢ়ৱাল জিলাৰ কটি কলনী বনাঞ্চলত বনজুয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ এই বনজুই নির্বাপনত অহৰহ চেষ্টা চলাই থকা অগ্নিনির্বাপক বাহিনীক ভাৰতীয় বায়ুসেনা বাহিনীয়ে সহযোগ কৰি আছে৷ উত্তৰাখণ্ড চৰকাৰৰ অনুৰোধ মর্মে কেন্দ্রীয় চৰকাৰে বায়ুসেনা বাহিনীৰ হেলিকপ্টাৰ এই বনজুই নির্বাপনত ব্যৱহাৰ কৰিবলৈ অনুমতি জনাইছে৷

বনাঞ্চলৰ ৬২ হেক্টৰ ভূমি প্রথমে বনজুইৰ কবলত পৰাৰ পিছত এই বনজুই সম্প্রসাৰিত হয় আৰু ভয়াৱহ ৰূপ ধাৰণ কৰে৷ কালিৰে পৰা এই বনজুই নির্বাপন কৰিবলৈ চেষ্টা চলাই থকা হৈছে যদিও এতিয়ালৈকে সম্পূর্ণকৈ সক্ষম হ’ব পৰা নাই৷ ৰাজ্যখনৰ প্রধান মুখ্য বনসংৰক্ষকে প্রকাশ কৰা মতে এই বনজুইৰ ফলত চাৰিগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৭টা জন্তুও অগ্ণিদগ্ধ হৈছে৷ জুইৰ ফলত এতিয়ালৈকে ৩৭ লাখ টকাৰ সম্পত্তি বিনষ্ট হৈছে৷ বনজুইক লৈ ইতিমধ্যে ৰাজ্যখনৰ মুখ্যমন্ত্রী তিৰথ সিং ৰাৱটে জৰুৰী বৈঠক অনুষ্ঠিত কৰি যথাশীঘ্রে বনজুই নিয়ন্ত্রণ কৰিবলৈ বিভাগীয় কর্তৃপক্ষসমূহক নির্দেশ দিছে৷

মন কৰিবলগীয়া যে যোৱা শুকুৰবাৰে আৰম্ভ হোৱা এই বনজুই নির্বাপণ কৰিবলৈ টেহৰি হ্রদৰ পৰা পানী সংগ্রহ কৰি আছে৷ সম্প্রতি এই বনজুই সম্প্রসাৰিত অঞ্চলসমূহত এন ডি আৰ এফ মোতায়েন কৰা হৈছে৷

You might also like