নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰ কাৰ? আজি অন্তিম ভোট

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ পৰৱর্তী ৫ বছৰলৈ ক্ষমতাৰ বাঘজৰী হস্তগত কৰাৰ লক্ষ্যৰে শাসক–বিৰোধীৰ ৰণচালিৰ মাজতে আজি অসমত অনুষ্ঠিত হৈছে তৃতীয় তথা অন্তিম পর্যায়ৰ ভোটগ্রহণ৷ ইয়াৰ লগে লগে বিগত প্রায় ডেৰ মাহ ধৰি ৰাজ্যৰ নির্বাচনী প্রেক্ষাপটত বিৰাজ কৰা এইবাৰৰ নির্বাচনৰ জনাদেশ প্রক্রিয়াৰ অন্ত পৰিল৷

ইতিমধ্যে ভোটাৰৰ অভূতপূর্ব সঁহাৰিৰ মাজেৰে যোৱা ২৭ মার্চত ৪৭ বিধানসভা সমষ্টিত আৰু ১ এপ্রিলত ৩৯ বিধানসভা সমষ্টিত সামগ্রিকভাৱে শান্তিপূর্ণকৈ ভোটগ্রহণ সম্পন্ন হৈ গৈছে৷ তৃতীয় পর্যায়ৰ নির্বাচনত সামৰি লোৱা হৈছে ৪০ বিধানসভা সমষ্টি৷ এই সমষ্টিকেইটাত প্রতিদ্বন্দ্বিতা কৰা ৩৩৭জন প্রার্থীৰ আজিৰ দিনটোত ভাগ্য নির্ণয় হ’ব৷

নির্বাচন আয়োগে পূর্বৰ দুটা পর্যায়ৰ দৰে অন্তিম পর্যায়ৰ ভোটগ্রহণো সুকলমে সম্পন্ন কৰিবলৈ সকলো ধৰণৰ প্রস্তুতি সম্পন্ন কৰিছে৷ পুৱা সাত বজাৰ পৰা সন্ধিয়া ছয় বজালৈ অনুষ্ঠিতব্য ভোটগ্রহণৰ দায়িত্বত থকা বিষয়া–কর্মচাৰীসক সুকলমে গৈ উপস্থিত হৈছে নিজৰ নিজৰ স্থানত৷

তৃতীয় পর্যায়ৰ নির্বাচনত অংশগ্রহণ কৰিবলগীয়া মুঠ ভোটাৰ হ’ল ৭৯,১৯,৬৪১জন৷ ইয়াৰে ৪০,১১,৫৩৯জন পুৰুষ হোৱাৰ বিপৰীতে মহিলাৰ সংখ্যা হৈছে ৩৯,০৭,৯৬৩গৰাকী৷ তদুপৰি ১৩৯গৰাকী তৃতীয় লিংগৰ ভোটাৰো আছে৷ অর্থাৎ এই মুঠ ৭৯,১৯,৬৪১জন ভোটাৰে তৃতীয় পর্যায়ৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা ৩৩৭জন প্রার্থীৰ ভাগ্য নির্ণয় কৰিব৷

এই প্রার্থীসকলৰ ভিতৰত বিজেপিৰ ২০জন, অসম গণ পৰিষদৰ ১৩জন, ইউ পি পি এলৰ ৮জন, কংগ্রেছৰ ২৪জন, এ আই ইউ ডি এফৰ ১২জন, চি পি আই এমৰ এজন, বি পি এফৰ ৮জন, অসম জাতীয় পৰিষদৰ ২২জন, জনতা দল (ইউ)ৰ ১৯জন, তৃণমূল কংগ্রেছৰ ১০জন আৰু নির্দলীয় আছে ১২৬জন৷

প্রতিদ্বন্দ্বীসকলৰ মাজত আছে কেইবাজনো হেভীৱেট প্রার্থী৷ বিশেষকৈ আজি ভাগ্য নির্ণয় হ’ব বর্তমান ৰাজ্য চৰকাৰৰ ৬জনকৈ মন্ত্রীৰ৷ তেওঁলোক হ’ল– ড০ হিমন্ত বিশ্ব শর্মা, সিদ্ধার্থ ভট্টাচার্য, চন্দ্রমোহন পাটোৱাৰী, চন্দন ব্রহ্ম, প্রমীলাৰাণী ব্রহ্ম, ফণীভূষণ চৌধুৰী৷ সেইদৰে বিজেপিৰ বিধায়ক অতুল বৰা, ৰঞ্জিত কুমাৰ দাস, নাৰায়ণ ডেকা, সুমন হৰিপ্রিয়া, অশ্বিনী ৰায় সৰকাৰ, অশোক কুমাৰ সিংঘী, প্রাক্তন বিধায়ক বনেন্দ্র কুমাৰ মুছাহাৰী, কংগ্রেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰী, আবুল কালাম ৰছিদ আলম, আব্দুৰ ৰছিদ মণ্ডল, শ্বেৰমান আলী আহমেদ, জাকিৰ হুছেইন শিকদাৰ, শুকুৰ আলী আহমেদ, নন্দিতা দাস, ৰেকিবুদ্দিন আহমেদ, প্রাক্তন বিধায়ক যতীন মালী, প্রদেশ কংগ্রেছৰ সম্পাদক প্রদীপ সৰকাৰ, অসীমা বৰদলৈ, মীৰা বৰঠাকুৰ গোস্বামী, মনজিৎ মহন্ত, অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, গুণীন্দ্র নাথ দাস, প্রাক্তন বিধায়ক ভূপেন ৰায়, জ্যোতিষ দাস, জ্যোতিপ্রসাদ দাস, ডাঃ কমলা কলিতা, এ আই ইউ ডি এফৰ বিধায়ক নজৰুল হক, নিজানুৰ ৰহমান, হাফিছ বছিৰ আহমেদ কাছিমী, ৰফিকুল ইছলাম, বি পি এফৰ বিধায়ক মাজেন্দ্র নার্জাৰী, ৰবিৰাম নার্জাৰী, কমল সিং নার্জাৰী, প্রাক্তন বিধায়ক হিতেশ বসুমতাৰী, ইউ পি পি এলৰ প্রাক্তন সাংসদ উর্খাও গৌৰা ব্রহ্ম, সোমনাথ নার্জাৰী, মনোৰঞ্জন ব্রহ্ম, লৰেঞ্চ ইছলাৰী, জয়ন্ত বসুমতাৰী, লেহৰাম বড়ো, ভূপেন বড়ো, অসম জাতীয় পৰিষদৰ প্রার্থী বিধানসভাৰ প্রাক্তন অধ্যক্ষ পুলকেশ বৰুৱা, প্রাক্তন বিধায়ক পবিন্দ্র ডেকা, অদীপ ফুকন, দুলু আহমেদ, চি পি আই (এম)ৰ মনোৰঞ্জন দাস, তৃণমূল কংগ্রেছৰ গোপীনাথ দাস আদি৷

সেইদৰে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া এই নির্বাচনত বৰমা সমষ্টিৰ পৰা নির্দলীয় হিচাপে অৱতীর্ণ হৈছে৷ একেদৰে আছুৰ প্রাক্তন সভাপতি শংকৰপ্রসাদ ৰায় বঙাইগাঁৱত কংগ্রেছ প্রার্থী হিচাপে আৰু সদৌ অসম কর্মচাৰী পৰিষদৰ প্রাক্তন সম্পাদকপ্রধান চৰণ চন্দ্র ডেকা দিছপুৰ সমষ্টিৰ পৰা নির্দলীয় হিচাপে নির্বাচনত অৱতীর্ণ হৈছে৷ আনহাতে, প্রাক্তন মন্ত্রী মহিবুল হক, প্রাক্তন বিধায়ক আলী আকবৰ মিঞা, ৰছুল হক, দীপক ৰাভা, আবুল কালাম আজাদ, আবু তাহেৰ বেপাৰী এইবাৰ নির্দলীয় হিচাপে নির্বাচনী যুঁজত নামিছে৷

ইফালে, নির্বাচন আয়োগে ৪০টা বিধানসভা সমষ্টিৰ বিপৰীতে ৬,১০৭ স্থানত মুঠ ১১,৪০১টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰিছে৷ ইয়াৰে ১৪৯টা হ’ব আদর্শ ভোটগ্রহণ কেন্দ্র৷ তৃতীয় পর্যায়ৰ নির্বাচনত ৮০ৰ ঊর্ধ্বৰ, বিশেষভাৱে সক্ষম আৰু নতুনকৈ অন্তর্ভুক্ত হোৱা ভোটাৰে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব৷ কিয়নো মুঠ ৪০টা সমষ্টিৰ বিপৰীতে ৯৯,৪৭১জন ৮০ৰ ঊর্ধ্বৰ ৫৪,১৪৮জন বিশেষভাৱে সক্ষম আৰু ৪,১৮,৫৩৭জন নতুনকৈ অন্তর্ভুক্ত হোৱা ভোটাৰ আছে৷ প্রথম আৰু দ্বিতীয় পর্যায়ৰ দৰে তৃতীয় পর্যায়ৰ নির্বাচনতো কিছুসংখ্যক ভোটগ্রহণ কেন্দ্র কেৱল মহিলা বিষয়া–কর্মচাৰীৰ দ্বাৰা পৰিচালিত হ’ব৷ অন্তিম পর্যায়ৰ নির্বাচনত এনে ভোটগ্রহণ কেন্দ্রৰ সংখ্যা হৈছে ৩১৬টা৷ দিছপুৰ সমষ্টিত সর্বাধিক ৪,১১,৬৩৬জন ভোটাৰ থকাৰ বিপৰীতে ধর্মপুৰ সমষ্টিত আছে সর্বনিম্ন ১,৪১,৫৯২জন ভোটাৰ৷ সেইদৰে সর্বাধিক ১৫জন প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা৷ বকো সমষ্টিত সর্বনিম্ন তিনিজন প্রার্থী আছে৷

উল্লেখ্য যে গণতন্ত্রৰ উৎসৱত নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিবলৈ প্রথম আৰু দ্বিতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত হৈ যোৱা সমষ্টিসমূহৰ নাগৰিকসকল হিলদল ভাঙি ওলাই আহিছিল৷ পুৱাৰে পৰা ভোটগ্রহণ কেন্দ্রসমূহত দেখা গৈছিল ভোটাৰৰ লানি নিছিগা শাৰী৷ বিশেষকৈ মহিলা আৰু নতুন প্রজন্মৰ ভোটাৰৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে৷ ফলত প্রথম আৰু দ্বিতীয় পর্যায়ৰ নির্বাচনত ভোটদানৰ হাৰ হৈছিলগৈ ক্রমে ৭৯.৯৭ শতাংশ আৰু ৮০.৯৬ শতাংশ৷ তৃতীয় পর্যায়ৰ নির্বাচনতো ভোটাৰৰ উৎসাহ তথা ভোটদানৰ ঊর্ধ্বমুখী হাৰৰ ধাৰাবাহিকতা অব্যাহত থকাৰ ধাৰণা কৰা হৈছে৷ ক’ভিড কালত অনুষ্ঠিত নির্বাচনত মহামাৰীৰ সংক্রমণ প্রতিৰোধকল্পে ক’ভিড বিধি কঠোৰভাৱে বলৱতৰ ক্ষেত্রত নির্বাচন আয়োগে সকলো ধৰণৰ পদক্ষেপ গ্রহণ কৰিছে৷ সকলো ভোটকেন্দ্রতে যাৱতীয় স্বাস্থ্যবিধি অৱলম্বন কৰাৰ লগতে যোগান ধৰা হৈছে ছেনিটাইজাৰ, মাস্ক, হাতমোজা আদি৷

ইফালে, ভোটগ্রহণ সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্রত নিৰাপত্তাৰ দিশটোৰ ওপৰত অত্যধিক গুৰুত্ব আৰোপ কৰা হৈছে৷ সুৰক্ষাৰ দিশটো চোৱাচিতা কৰিবলৈ ৯জন আৰক্ষী পর্যবেক্ষক নিয়োগ কৰাৰ লগতে অসম আৰক্ষীৰ উপৰি কেন্দ্রীয় সশস্ত্র বাহিনীৰ ৩২০টা কোম্পানী মোতায়েন কৰা হৈছে৷ তদুপৰি ৯৮৬জন মাইক্র’ অবজাৰভাৰে ভোটকেন্দ্রত ভোটদান প্রক্রিয়া প্রত্যক্ষভাৱে পর্যবেক্ষণ কৰিব৷ ৫০ শতাংশ ভোটকেন্দ্রত ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ জৰিয়তে জিলা নির্বাচনী বিষয়া, অসমৰ মুখ্য নির্বাচনী বিষয়া আৰু নির্বাচন আয়োগে প্রত্যক্ষভাৱে ভোটগ্রহণ প্রক্রিয়া পর্যবেক্ষণ কৰিব৷

আজি ৱেব কাষ্টিং হ’বলগীয়া ভোটকেন্দ্রৰ সংখ্যা হ’ল ৫,৬৮৬টা৷ তৃতীয় পর্যায়ৰ নির্বাচনত মুঠ ১১,৪০১টা ই ভি এম ব্যৱহাৰ কৰা হ’ব৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে কাইলৈ ভোটগ্রহণ প্রক্রিয়া অন্ত পৰাৰ লগে লগে কার্যতঃ ৰাজ্যত ক্ষমতা দখলকেন্দ্রিক যুঁজখনৰো ওৰ পৰিব৷ সকলোৰে দৃষ্টি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ ষ্ট্রং ৰুমত নিবদ্ধ হৈ থকাৰ লগতে অপেক্ষা কৰিব লাগিব ২ মে’ৰ ভোটগণনালৈ৷ সেই দিনা ভোটগণনাৰ অন্তত প্রকাশ পাব প্রথম–দ্বিতীয়–তৃতীয় পর্যায়ৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা মুঠ ৯৪৬জন প্রার্থীৰ জয়–পৰাজয়ৰ ফলাফল৷

You might also like