নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাৰিয়ানাৰ কেএমপি এক্সপ্রেছ ৱে’; ২৪ ঘণ্টা অৱৰোধ প্রতিবাদী কৃষকৰ

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ তিনি কৃষি আইন বাতিলৰ দাবীত প্রায় ৪ মাহ ধৰি প্রতিবাদ সাব্যস্ত কৰি থকা কৃষক সংগঠনসমূহৰ সন্মিলিত মঞ্চ সংযুক্ত কিষাণ মর্চাই আজি হাৰিয়ানাৰ কে এম পি এক্সপ্রেছ ৱে’ অৱৰোধ কৰে৷ ২৪ ঘণ্টীয়া এই এক্সপ্রেছ ৱে’ অৱৰোধ কার্যসূচীৰ বাবে ৰাজ্যখনত যান–বাহন চলাচলত অসুবিধাৰ সৃষ্টি হৈছে৷ ১৩৬ কিলোমিটাৰজোৰা এই এক্সপ্রেছ ৱে’টো ৱেষ্টার্ন পেৰিফেৰেল এক্সপ্রেছ ৱে’ বুলি জনা যায়৷ আজি পুৱা ৮ বজাৰ পৰা কাইলৈ পুৱা ৮ বজালৈকে এই এক্সপ্রেছ ৱে’টো অৱৰোধ কৰাত ৰাজ্যখনৰ আৰক্ষীয়ে যান–বাহনৰ গতিপথ সলনি কৰিবলৈ বাধ্য হৈছে৷

You might also like