নিয়মীয়া বাৰ্তা, ৩০ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেনৰ ১০০ বছৰ বয়সত আহমেদাবাদৰ এখন চিকিৎসালয়ত মৃত্যু হয়। মাতৃৰ মৃত্যুৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ভাতৃ পংকজ মোদীৰ বাসগৃহত উপস্থিত হয়। স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যাৰ বাবে বুধবাৰে পুৱা হীৰাবেনক ‘ইউ এন মেহতা ইনষ্টিটিউট অৱ কাৰ্ডিঅ’লজি এণ্ড ৰিচাৰ্চ চেণ্টাৰ’ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসালয়খনে জাৰি কৰা বিবৃতি অনুসৰি আজি পুৱা ৩:৩০ বজাত প্ৰধানমন্ত্ৰীৰ মাতৃ হীৰাবেন মোদীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
মাতৃৰ মৃত্যুত শোক প্ৰকাশ কৰি পি এম মোদীয়ে লিখিছে, “এটা গৌৰৱময় শতিকাই ঈশ্বৰৰ চৰণত বিশ্ৰাম ল’লে… মাৰ মাজত মই সদায় সেই তত্ব অনুভৱ কৰি আহিছোঁ, য’ত এগৰাকী তপস্বীৰ যাত্ৰা, এজন নিস্বাৰ্থ কৰ্মযোগীৰ প্ৰতীক আৰু মূল্যবোধৰ প্ৰতি দায়বদ্ধ জীৱন সন্নিবিষ্ট হৈ আছে।”
शानदार शताब्दी का ईश्वर चरणों में विराम… मां में मैंने हमेशा उस त्रिमूर्ति की अनुभूति की है, जिसमें एक तपस्वी की यात्रा, निष्काम कर्मयोगी का प्रतीक और मूल्यों के प्रति प्रतिबद्ध जीवन समाहित रहा है। pic.twitter.com/yE5xwRogJi
— Narendra Modi (@narendramodi) December 30, 2022
উল্লেখ্য যে বুধবাৰে বিয়লি দিল্লীৰ পৰা আহমেদাবাদত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে চিকিৎসালয়ত মাতৃক সাক্ষাৎ কৰিছিল।