নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেছিক ৰাষ্ট্রপতিৰূপে বিচাৰিছে দেশৰ জনতাই

নিয়মীয়া বাৰ্তা, ৩০ডিচেম্বৰ: আর্জেণ্টিনাক প্রায় অকলশৰে বিশ্ব চেম্পিয়ন কৰোৱাৰ পিছত মেছিৰ জনপ্রিয়তা এতিয়া আকাশলংঘী হৈ পৰিছে৷ তেওঁৰ নেতৃত্বত আর্জেণ্টিনা চেম্পিয়ন হোৱাৰ পিছতে দেশখনৰ অধিকাংশ লোকে মেছিক ৰাষ্ট্রপতি পদত অধিষ্ঠিত কৰাবলৈ ভোট দিবলৈও আগ্রহ প্রকাশ কৰিছে৷ সাম্প্রতিক কালৰ এক সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে৷ আর্জেণ্টিনাৰ জনমত সমীক্ষা প্রতিষ্ঠান জিয়াকোব্বে এণ্ড এছ’চিয়েটছৰ এক সমীক্ষা হিচাপে জানিব পৰা গৈছে যে মেছিকেই দেশৰ ৰাষ্ট্রপতি পদত চাব বিচাৰে আর্জেণ্টিনাৰ বৃহৎসংখ্যক লোকে৷ স্পেনিছ সংবাদ মাধ্যম ‘মার্কা’ৰ খবৰ অনুসৰি যোৱা ১৮ ডিচেম্বৰৰ পৰা এই সমীক্ষা চলোৱা হৈছে৷ সেইদিনাই ফ্রান্সক হৰুৱাই বিশ্ব চেম্পিয়ন হৈছিল আর্জেণ্টিনা৷ সমীক্ষাত প্রকাশ পোৱা মতে, ৪৩.৭ শতাংশ আর্জেণ্টাইনে মেছিক ৰাষ্ট্রপতি পদত বিচাৰে৷ অৱশ্যে ৩৭.৮ শতাংশ নাগৰিকে মেছিক ৰাষ্ট্রপতিৰূপে নিবিচাৰে৷ আনহাতে ১৭.৫ শতাংশ লোকে মেছিক ভোট দিয়াৰ বিষয়ে চিন্তা–ভাবনা কৰি চাব বিচাৰে৷ ইয়াৰ বিপৰীতে ০.৯ শতাংশ লোকে এই বিষয়ে কোনো উত্তৰ নিদিলে৷

You might also like