নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাড়ী দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ঋষভ পণ্ট

নিয়মীয়া বাৰ্তা, ৩০ডিচেম্বৰ: ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ ঋষভ পণ্টৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। ৰুৰকিলৈ গৈ থকাৰ সময়তে এই দুৰ্ঘটনা। ইপিনে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে পণ্ট।

উল্লেখ্য যে দুৰ্ঘটনাৰ সময়ত বাহনখনত অকলে আছিল পণ্ট। বাহন চলোৱাৰ সময়তে টোপনি অহাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কথা প্ৰকাশ কৰিছে পণ্টে।

এই সন্দৰ্ভত উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টে কয় যে তেওঁ গাড়ীখন নিজেই চলাই আছিল আৰু অকলে আছিল। তেওঁৰ টোপনি আহিছিল আৰু ইয়াৰ বাবেই ভাৰসাম্যৰ অৱনতি ঘটিছিল। যাৰফলত গাড়ীখনে কাৰৰেলিঙত খুন্দা মাৰে।

উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঋষভক ৰুৰকীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰ পিছত তেওঁক ডেৰাডুনলৈ প্ৰেৰণ কৰা হয়। এই দুৰ্ঘটনাত পণ্টৰ সোঁ ভৰিৰ লিগামেণ্ট ফাটি গৈছে। ডেৰাডুনৰ চিকিৎসালয়ত তেওঁৰ সম্পূৰ্ণ শৰীৰৰ এম আৰ আই কৰা হ’ব। ইয়াৰ পাছতহে আঘাতৰ বিষয়ে বিতংভাৱে গম পোৱা যাব। অৱশ্যে বৰ্তমান পণ্টৰ অৱস্থা সুস্থিৰ।

You might also like