নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইমছৰ পৰা ৰিলিজ পালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ দিল্লীস্থিত এইমছৰ পৰা ঘৰলৈ উভতিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি বিজেপি নেতাগৰাকীৰ স্বাস্থ্য সম্পূৰ্ণ সুস্থ হোৱাত এইমছৰ পৰা ৰিলিজ দিয়া হয়।

ক’ৰোনা সংক্ৰমিত হোৱাৰ পিছত যোৱা ১৪ আগষ্টত ক’ৰোনা ৰিপোৰ্ট নিগেটিভ আহিছিল। কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধাৰ সন্মুখীন হোৱাত যোৱা শনিবাৰে নিশা ১১ বজাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

ইয়াৰ পিছৰে পৰা হাস্পতালখনত চিকিৎসা কৰি থকা হৈছিল তেওঁৰ। উল্লেখ্য ২ আগষ্টত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ক’ভিড পজিটিভ বুলি টুইটযোগে দেশবাসীক জনাইছিল।

You might also like