নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশজুৰি বন্ধৰ উপক্রম হোটেল–ৰেস্তোৰাঁৰ চৌকা, বাণিজ্যিক চিলিণ্ডাৰৰ ভয়াৱহ নাটনিৰ আশংকা

ডিজিটেল ডেস্ক, ১১ মার্চ : ইজৰাইল, ইৰান আৰু আমেৰিকাৰ যুদ্ধৰ প্রভাৱ পৰিবলৈ আৰম্ভ কৰিছে ভাৰতৰ হোটেল, ৰেস্তোৰাঁৰ ব্যৱসায়ত৷ দেশত ৰন্ধন গেছৰ যোগান হ্রাস পাই অহাৰ সমান্তৰালভাৱে মুম্বাই, কলকাতা, বেংগালুৰুকে ধৰি আগশাৰীৰ চহৰসমূহত আতিথ্য আৰু খাদ্য বিপণীত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ মুম্বাইৰ হোটেল আৰু ৰেস্তোৰাঁসমূহত অনিয়মীয়া হৈছে ৰন্ধন গেছৰ যোগান৷

মুম্বাই হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ’চিয়েচনৰ তথ্য অনুসৰি, মুম্বাই মহানগৰীত ২০ শতাংশ হোটেল অনিয়মীয়া ইন্ধনৰ বাবে বন্ধ হৈ পৰিছে৷ এই পৰিৱেশ অব্যাহত থাকিলে এসপ্তাহৰ ভিতৰত মুম্বাইৰ আধা হোটেল–ৰেস্তোৰাঁ বন্ধ হৈ পৰিব৷ মহাৰাষ্ট্র চৰকাৰে পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে তেল কোম্পানী আৰু শোধনাগাৰসমূহক অতিৰিক্ত উৎপাদন কৰিবলৈ নির্দেশ জাৰি কৰিছে৷ একেদৰে চেন্নাই আৰু বেংগালুৰুৰ হোটেল ব্যৱসায়ীসকলেও এলপিজিৰ যোগান ব্যাহত হোৱাত সমস্যাৰ সন্মুখীন হোৱা বুলি সদৰী কৰি ব্যৱসায় বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে৷

ইয়াৰ ফলত সাধাৰণ জনতা, ছাত্র–ছাত্রী আৰু চিকিৎসা খণ্ডৰ কর্মচাৰীসকলৰ লগতে ৰোগী আৰু আত্মীয় সমস্যাৰ সন্মুখীন হ’ব৷ একাংশ হোটেলে মেন্যু হ্রাস কৰি ব্যৱসায়ৰ সময়ো কম কৰিবলৈ বাধ্য হৈছে৷ গুৰুগ্রামতো ৰন্ধন গেছৰ নাটনিয়ে দেখা দিয়া বুলি উল্লেখ কৰি একাংশ বিক্রেতাই এই পৰিস্থিতি অব্যাহত থাকিলে তিনি দিনৰ পিছত ব্যৱসায় বন্ধ কৰিবলৈ বাধ্য হ’ব বুলি আশংকা প্রকাশ কৰিছে৷ কেৱল ব্যৱসায়িক খণ্ডতে নহয়, ঘৰুৱা ৰন্ধন গেছৰো নাটনিৰ আশংকাই দেশবাসীক আতংকিত কৰিছে বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্রকাশ পাইছে৷ ইফালে, বিভিন্ন ব্যৱসায়িক সংস্থা আৰু দল–সংগঠনে চৰকাৰক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনায়৷

You might also like