নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যপ্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ : ৰন্ধন গেছৰ নাটনিক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ

ডিজিটেল ডেস্ক, ১১ মার্চ : ইজৰাইল–আমেৰিকা আৰু ইৰানৰ মাজত সংঘাত ক্রমান্বয়ে বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত এলপিজিৰ নাটনিৰ আশংকাৰ লগতে দেশৰ বিভিন্ন ঠাইত সৃষ্টি হোৱা প্রতিকূল পৰিস্থিতিৰ বাবে মঙলবাৰে নতুন দিল্লীত পেট্র’লিয়াম মন্ত্রী হৰদীপ সিং পুৰী আৰু বৈদেশিক পৰিক্রমা মন্ত্রী এছ জয়শংকৰৰ সৈতে বৈঠকত মিলিত হয় প্রধানমন্ত্রী নৰেন্দ্র মোদী৷

বিশেষকৈ ঘৰুৱা চিলিণ্ডাৰৰ অভাৱ দূৰ কৰিবলৈ চৰকাৰে কৌশলগত পৰিকল্পনা সম্পর্কে আলোচনা কৰে৷ মধ্যপ্রাচ্যৰ যুদ্ধৰ বাবে হৰমুজ প্রণালী বন্ধৰ বাবে দেশত এলিপিজিৰ সমস্যাই দেখা দিছে৷ ভাৰতে ৬২ শতাংশ ইন্ধন আমদানি কৰে৷ সামুদ্রিক পথেৰেই ইন্ধনৰ অধিকাংশ আমদানি কৰে ভাৰতে৷ কিন্তু বর্তমান বন্ধ হৈ থকা হৰমুজ প্রণালীৰ বাবে অনাগত দিনত সংকটৰ সন্মুখীন হোৱাৰ উপক্রম হৈছে ভাৰত৷

ছৌদি আৰবৰ পৰা ভাৰতে ৮৫–৯০ শতাংশ ইন্ধন আমদানি কৰে৷ ইয়াৰ বাবেই দেশখনে এই অভাৱ পূৰণ কৰিবলৈ বিকল্প যোগান উৎসৰ কথা চিন্তা–চর্চা কৰিবলৈ বাধ্য হৈছে৷ তদুপৰি ঘাটি পূৰণ কৰিবলৈ অগ্রাধিকাৰমূলক নির্দেশনাও জাৰি কৰিছে৷

You might also like