ক্ষুধাতুৰ দেশৰ ১০১ নম্বৰ স্থানত ভাৰত
নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ দেশত ক্ষুধাৰ তাড়নাত পেটত জুই জ্বলা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ বৃদ্ধি পাইছে পুষ্টিহীন লোকৰ সংখ্যা৷ কার্যতঃ ক্ষুধাতুৰ আৰু পুষ্টিহীন লোকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে ভাৰতত৷ আন্তর্জাতিক ক্ষুধা সূচাংক (গ্ল’বেল হাংগাৰ ইনডেস্ক চমুকৈ জি এইচ আই)ত ভাৰতৰ স্থান অৱনমিত হৈছে৷ বিশ্বৰ ১১৬খন দেশৰ ভিতৰত জি এইচ আইত ভাৰতৰ স্থান ১০১৷ বিগত বর্ষত ভাৰতৰ স্থান আছিল ৯৪৷ অর্থাৎ বিগত বর্ষৰ তুলনাত ২০২১ চনত আন্তর্জাতিক ক্ষুধা সূচাংকত ভাৰতৰ স্থান অৱনমিত হৈছে৷ তাৎপর্যপূর্ণ যে ক্ষুধাতুৰ আৰু পুষ্টিহীন লোকৰ সংখ্যা বৃদ্ধিত চুবুৰীয়া ৰাষ্ট্র বাংলাদেশ, পাকিস্তান আৰু নেপালৰ আগত আছে ভাৰত৷ এই তালিকাত আন এখন চুবুৰীয়া ৰাষ্ট্র চীন শীর্ষত আছে৷
বৃহস্পতিবাৰে প্রকাশিত ২০২১ বর্ষৰ আন্তর্জাতিক ক্ষুধা সূচাংকৰ তালিকাত ভাৰতৰ স্থান ধাৰাবাহিকভাৱে অৱনমিত হৈ আহিছে৷ ইয়াৰ বিপৰীতে প্রতিৱেশী ৬খন ৰাষ্ট্রই ভাৰততকৈ এই সূচাংকত উন্নীত৷ প্রত্যেক বছৰে আয়াৰলেণ্ডৰ স্বেচ্ছাসেৱী সংস্থা ‘কনচার্ন ৱর্ল্ডৱাইড’ আৰু জার্মানৰ সংস্থা ‘ৱেল্ট হাংগাৰ হিল্ফ’–এ যুটীয়াভাৱে বিশ্বৰ দেশসমূহৰ ক্ষুধাতুৰৰ পৰিমাণ নির্ধাৰণ কৰে৷ এই ক্ষুধাতুৰৰ পৰিমাণ নির্ধাৰণ কৰা তালিকা প্রস্তুত কৰোঁতে সংস্থা দুটাই দেশৰ সাম্প্রতিক অর্থনৈতিক স্থিতি, শিশুৰ স্বাস্থ্য আৰু সম্পদ বণ্টনক প্রাধান্য দিয়ে৷ এই বিষয়কেইটাক গুৰুত্ব দিয়ে আন্তর্জাতিক ক্ষুধা সূচাংক তালিকা প্রস্তুত কৰে৷ বিগত বর্ষৰ তুলনাত ভাৰতৰ স্থান ৭ অৱনমিত হৈ ১০১ হোৱাত দেশখনৰ পৰিস্থিতি ভয়াৱহ হিচাপে চিহ্ণিত কৰিছে৷
সবাতোকৈ গুৰুত্বপূর্ণ যে এই তালিকাত ভাৰতৰ পাছত স্থান লাভ কৰিছে পাপুৱা নিউগিনি, আফগানিস্তান, নাইজেৰিয়া, কংগো, লাইবেৰীয়া, মোজাম্বিক, য়েমেন, ছ’মালিয়াৰ দৰে ১৫খন দেশে৷ উল্লেখ্য যে ২০২০ চনত ১০৭খন দেশৰ ভিতৰত চলোৱা সমীক্ষাত ভাৰতৰ স্থান আছিল ৯৪ আৰু ২০২১ চনত ১১৬খন দেশত চলোৱা সমীক্ষাত ভাৰতৰ স্থান ১০১৷ ২০২০ চনত ভাৰতৰ জি এইচ আইৰ পৰিমাণ আছিল ৩৮.৮৷ কিন্তু ২০২১ চনত ভাৰতৰ জি এইচ আইৰ পৰিমাণ ২৮.৮ আৰু ২৭.৫ৰ মাজত৷ উনুকিয়াব পাৰি যে জি এইচ আইৰ পৰিমাণ চাৰিটা কাৰকৰ আধাৰত নির্ধাৰণ কৰা হয়৷ এই কাৰণকেইটাৰ ভিতৰত অপুষ্টি, শিশুৰ ওজন (৫ বছৰৰ তলৰ শিশুৰ ওজন তেওঁলোকৰ উচ্চতাৰ আধাৰত কম হ’লে ইয়ে অপুষ্টিক প্রতিফলিত কৰে৷) শিশুৰ বয়স আনুপাতিক ওজন (৫ বছৰৰ তলৰ শিশুৰ বয়স অনুযায়ী উচ্চতা নাবাঢ়িলে, অপুষ্টিক প্রতিফলিত কৰে৷) আৰু শিশুৰ মৃত্যুৰ হাৰ (৫ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ)৷ মহামাৰী ক’ভিড–১৯ৰ বাবে বিশ্বজুৰি জনগণ নেতিবাচক প্রভাৱৰ সন্মুখীন হৈছে৷ ভাৰতত এই মহামাৰীৰ নিষেধাজ্ঞাৰ বাবে আন দেশৰ তুলনাত সর্বাধিক শিশুৰ শাৰীৰিক বিকাশত ব্যাঘাত জন্মিছে৷ প্রতিবেদনত প্রকাশ কৰা মতে, বিশ্বৰ শিশুৰ ক্ষেত্রত কৰা নেতিবাচক প্রভাৱৰ হাৰৰ তুলনাত ভাৰতৰ হাৰ সর্বাধিক৷ ভাৰতৰ আগত তালিকাত স্থান লাভ কৰা দেশৰ ভিতৰত চীন, ব্রাজিল, কুৱেইটকে ধৰি ১৮খনৰ জি এইচ আই ৫ৰ তলত৷ আনপিনে নেপাল ৭৬, বাংলাদেশ ৭৬, ম্যানমাৰ ৭১ আৰু পাকিস্তানে ৯২সংখ্যক স্থানত থাকিলেও এই দেশখন ক্ষুধাতুৰৰ ক্ষেত্রত সতর্কমূলক দেশৰ তালিকাত আছে৷