নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদণ্ড ছাত্রনেতাৰ হেঁচাত সাষ্টাংগে ক্ষমা খুজিলে শিক্ষয়িত্রীয়ে

মাচুলক লৈ ফিল’বাৰীত অভব্য কাণ্ড

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ শিক্ষাগুৰু–শিক্ষার্থীৰ পৱিত্র সম্পর্ক কলুষিত কৰি তথা সভ্য সমাজলৈ এটা অশুভ বার্তা কঢ়িয়াই ফিল’বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত সংঘটিত হৈছে এটা চৰম অপ্রত্যাশিত ঘটনা৷ বিদ্যালয়খনৰ বিবেক দংশনত ভোগা এগৰাকী শিক্ষয়িত্রীক দ্বিতীয়বাৰ ক্ষমা প্রার্থনা বিচাৰিবলৈ বাধ্য কৰোৱা হয়৷ ইয়াৰ কাৰণ এটাই– প্রথমবাৰ বিচৰা ক্ষমাৰ শৈলীটো একাংশৰ বাবে মনঃপুত হোৱা নাছিল৷ ইফালে নিন্দনীয় ঘটনাটোৰ সৈতে জড়িত থকাৰ অভিযোগত এজন নেতাক সংগঠনৰ পৰা বহিষ্কাৰ কৰি মুখলজ্জা ঢ়কাৰ চেষ্টা চলায় সদৌ অসম ছাত্র সন্থাই৷ এনে একাংশৰ বাবেই শিক্ষয়িত্রীগৰাকীয়ে সাষ্টাংগে ক্ষমা বিচাৰিবলগীয়া হয়৷

ইপিনে শিক্ষয়িত্রীগৰাকীয়ে ছাত্র–ছাত্রীৰ সন্মুখত সাষ্টাংগে ক্ষমা খোজা ঘটনাটোৰ তদন্ত কৰিবলৈ ফিল’বাৰী আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰিছে৷ ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৩৪১/২৯৪/৫০০/৫০৬/৩৫৪/৩৪নং ধাৰাৰ অধীনৰ ফিল’বাৰী থানাত ৩০/২০২১ নম্বৰত গোচৰটো ৰুজু হয়৷ ইফালে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নির্দেশমতে ফিল’বাৰীৰ আৰক্ষীয়ে ঘটনাটোৰে জড়িত ছাত্র–ছাত্রী, প্রাক্তন ছাত্র আৰু দল–সংগঠনৰ বিষয়ববীয়াক শিক্ষয়িত্রীগৰাকীৰ ওচৰত ক্ষমা খুজিবলৈ কোৱাত ফিল’বাৰী মডেল হাস্পতালৰ কাষত বসবাস কৰা শিক্ষয়িত্রী নিৰদা বৰাৰ ওচৰত সেৱা জনাই ক্ষমা বিচাৰে৷ এই মুহূর্তৰ প্রাকক্ষণত শিক্ষয়িত্রী নিৰদা বৰাই আৱেগিক হৈ কান্দোনত ভাগি পৰে৷

ইফালে সদৌ অসম ছাত্র সন্থাই চলোৱা নিজাববীয়া তদন্তৰ অন্তত ঘটনাৰে পোনপটীয়াকৈ জড়িত থকাৰ অভিযোগত আজি তিনিচুকীয়া জিলা ছাত্র সন্থাৰ উপ–সভাপতি কর্ণ নিবিড বুঢ়াগোহঁাইক সংগঠনটোৰ পৰা বহিষ্কাৰ কৰে৷ আছুৰ কেন্দ্রীয় উপ–সভাপতি বিনয় ডুবে আৰু কার্যনির্বাহক সদস্য নিখিল কোচ স্বাক্ষৰিত এখন পত্রযোগে এই কথা সদৰী কৰে৷

উল্লেখ্য যে ফিল’বাৰী অঞ্চলৰ উচ্চ শিক্ষাৰ প্রতিষ্ঠান ফিল’বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল প্রাংগণত যোৱা ১১ অক্টোবৰৰ পুৱা সংঘটিত হৈছিল এটা অবাঞ্ছিত ঘটনা৷ সমগ্র অসমতে তীব্র প্রতিক্রিয়া সৃষ্টি কৰা ঘটনাটোৰ কাৰণটো আছিল বিদ্যালয়খনৰ মাচুল সংগ্রহৰ প্রসংগত৷ ঘটনাৰ বিৱৰণী মতে ১৯৯৫ চনতে স্থাপিত হৈ বিদ্যালয়খনৰ শিক্ষক–শিক্ষয়িত্রীস পদসমূহ বিগত বর্ষত চৰকাৰে টিউটৰ হিচাপে স্বীকৃতি প্রদান কৰে৷ অৱশ্যে শিক্ষাগত অর্হতা অক্ষুণ্ণ ৰাখিব নোৱাৰাত শিক্ষয়িত্রীগৰাকীৰ চাকৰিটো প্রাদেশীকৃত নহ’ল৷ ইফালে টিউটৰ হিচাপে নিযুক্তি লাভ কৰা শিক্ষক–শিক্ষয়িত্রীস বিগত বর্ষসমূহৰ তুলনাত প্রায় অর্ধেক দৰমহা লাভ কৰিছে বুলি প্রকাশ৷

উল্লেখ্য যে ৰাজ্যৰ ক’ভিড মহামাৰী পৰিস্থিতিৰ বাবে বিনা পৰীক্ষাৰে উত্তীর্ণ ছাত্র–ছাত্রীৰ সংখ্যা অত্যধিক হোৱাত দিছপুৰৰ বিভাগীয় কার্যালয়লৈ গৈ বিদ্যালয় কর্তৃপক্ষই ছাত্র–ছাত্রীৰ নামভর্তিৰ সংখ্যাৰ সীমা বৃদ্ধি কৰাই আনিব লগা হ’ল৷ প্রায় দুগুণ ছাত্র–ছাত্রীক পাঠদান কৰিব লগা হোৱাত অতিৰিক্ত শিক্ষক নিযুক্তিৰে পুৱাৰ ভাগতো পাঠদান কৰিব লগা হয়৷ ফলত ছাত্র–ছাত্রীৰ নামভর্তিৰ নামত বিদ্যালয় কর্তৃপক্ষই অভিভাৱকৰে সভা পাতি সর্বসন্মতিক্রমে একাদশ শ্রেণীৰ ৪৫০গৰাকী ছাত্র–ছাত্রীৰ পৰা বার্ষিক ৩ হাজাৰ টকাকৈ মাচুল সংগ্রহৰ সিদ্ধান্ত গ্রহণ কৰে৷ সিমানলৈকে ঠিকেই আছিল৷ পুনৰ ৭ অক্টোবৰতদ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রীৰ অভিভাৱকৰে সভা পাতি দ্বাদশৰ শিক্ষার্থীৰ পৰাও ৩ হাজাৰ টকাকৈ মাচুল সংগ্রহ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে৷ উক্ত সিদ্ধান্তত হয়ভৰ দিয়াৰ ক্ষেত্রত পৰিচালনা সমিতিৰ এজন সদস্যৰ ভূমিকা অন্যতম আছিল বুলিও জানিব পৰা গৈছে৷ তাতেই ক্ষুণ্ণ হৈ পৰে বিদ্যালয়খনৰ ছাত্র–ছাত্রী, স্থানীয় দল–সংগঠন৷ কাৰণ দ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রীৰ পৰা মাচুল সংগ্রহ নকৰিবলৈ যোৱা ৩ ছেপ্টেম্বৰতে স্থানীয় আছু, এ জে ৱাই চি পি, মৰাণ ছাত্র সন্থা, গোর্খা ছাত্র সন্থা, ছাত্র মুক্তি সংগ্রাম সমিতি, টি এম পি কে, চুটীয়া ছাত্র সন্থা, আটছা, আছা আদি ছাত্র আৰু জাতীয়–জনগোষ্ঠীয় সংগঠনে বিদ্যালয় পৰিচালনা সমিতিক স্মাৰক–পত্র প্রদান কৰিছিল৷ কিন্তু সংগঠনসমূহে বিদ্যালয় কর্তৃপক্ষৰ পৰা সঁহাৰি পোৱা নাছিল৷ এই লৈ দীর্ঘদিনৰ পৰা দুই পক্ষৰ মাজত দ্বন্দ্ব সৃষ্টি হৈ আছিল৷ যোৱা ১১ অক্টোবৰৰ পৰা মাচুল সংগ্রহৰ বাবে দিন ধার্য কৰাৰ লগে লগে শিক্ষানুষ্ঠানখনৰ একাংশ ছাত্র–ছাত্রীয়ে প্রতিবাদত নামি ক্ষোভৰ বহিঃপ্রকাশ ঘটায়৷ সহযোগ কৰে স্থানীয় দল–সংগঠনসমূহে৷ পূর্বে ফিল’বাৰী কনিষ্ঠ মহাবিদ্যালয় হিচাপে পৰিচিত বিদ্যালয়খনৰ ছাত্র একতা সভাই ছাত্র–ছাত্রীৰ পৰা নামভর্তিৰ অজুহাতত মাচুল সংগ্রহ কৰাৰ প্রতিবাদত বিদ্যালয়খনৰ চৌহদত বিভিন্ন শ্লোগানেৰে উত্তাল পৰিস্থিতি সৃষ্টি কৰে৷

অভিযোগ মতে ছাত্র–ছাত্রীসকলে প্রতিবাদ কৰি থকাৰ সময়তে নিৰদা বৰা নামৰ অসমীয়া বিভাগৰ শিক্ষয়িত্রীগৰাকীয়ে আকস্মিকভাৱে আহি অধ্যক্ষ আৰু সতীর্থ শিক্ষকৰ উপস্থিতিতে একাংশ ছাত্রক উদ্দেশ্যি ‘ষুটপিড, ননছেঞ্চ, ভাঙ খাই আহিছা নেকি’ ইত্যাদি কটু মন্তব্য কৰাত তাত উপস্থিত থকা ফিল’বাৰীৰ আছু, যুৱ–ছাত্র পৰিষদকে ধৰি একাংশ নেতা–কর্মী ক্ষুব্ধ হৈ পৰে৷ তেওঁলোকে শিক্ষয়িত্রীগৰাকীৰ সৈতে তীব্র বাক–বিতণ্ডাত লিপ্ত হোৱাৰ লগতে পৱিত্র শিক্ষা বৃত্তি ত্যাগ কৰিবলৈকো দাবী জনাই প্রতিবাদ সাব্যস্ত কৰে৷ অৱশ্যে পাছত সকলোৰে সন্মুখত শিক্ষয়িত্রীগৰাকীয়ে নিজৰ আৱেগৰ কথা স্বীকাৰ কৰি ক্ষমা বিচাৰে৷ কিন্তু তেওঁৰ ক্ষমা বিচৰাৰ ধৰণত সন্তুষ্ট নহৈ উচিত মতে ক্ষমা বিচাৰিবলৈ কোনো এজন ছাত্রই দাবী উত্থাপন কৰে৷ তাৰ পাছতেই আৱেগিক হৈ পৰা শিক্ষয়িত্রীগৰাকীয়ে সাষ্টাংগে পৰি (যিটো স্থান সাপেক্ষ নহয়) ক্ষমা খুজি এক আৱেগবিহ্বল পৰিৱেশ সৃষ্টি কৰে৷

অভিযোগ মতে বিদ্যালয়খনৰ সুবিধাবাদী এগৰাকী জ্যেষ্ঠ শিক্ষকেই সাষ্টাংগে সেৱা লোৱাৰ উক্ত ভিডিঅ’ ক্লিপটো উদ্দেশ্যপ্রণোদিতভাৱে ভাইৰেল কৰি অন্য এক পৰিস্থিতিৰ সূচনা কৰে৷ উক্ত সময়ছোৱাত পৰিস্থিতি ইমানেই অনিয়ন্ত্রিত হৈ পৰিছিল যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাতহে পৰিস্থিতি নিয়ন্ত্রণ হয়৷ পাছত বিদ্যালয়খনৰ ছাত্র একতা সভাই ঘটনাস্থলীত উপস্থিত থকা ফিল’বাৰী থানাৰ এগৰাকী আৰক্ষী বিষয়াৰ যোগেদি ৰাজ্যৰ শিক্ষামন্ত্রীলৈ বর্ধিত মাচুল ৰেহাই দিয়া সন্দর্ভত এখন স্মাৰক–পত্রও প্রেৰণ কৰে৷ স্মাৰক–পত্রত চৰকাৰী নিয়মক জলাঞ্জলি দিয়া বিদ্যালয় কর্তৃপক্ষৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ চৰকাৰৰ প্রতি দাবী জনায় ছাত্র একতা সভাই৷ তদুপৰি পুৰণি সমিতি ভংগ কৰি এখন নতুন পৰিচালনা সমিতি গঠনৰো দাবী উত্থাপন কৰে৷ উল্লেখ্য যে ফিল’বাৰীৰ উচ্চ শিক্ষাৰ প্রতিষ্ঠানখনত সংঘটিত অবাঞ্ছিত পৰিস্থিতিক লৈ অসমজুৰি প্রতিক্রিয়াৰ সৃষ্টি হয়৷ ফলত কালি তিনিচুকীয়া জিলাৰ ভাৰপ্রাপ্ত জিলা দণ্ডাধীশ নয়নজ্যোতি ভাগৱতীয়ে ডুমডুমা ৰাজহ চক্র বিষয়া ৰাণাময় ভৰদ্বাজক তিনি দিনৰ ভিতৰত শিক্ষয়িত্রীগৰাকীক ক্ষমা খুজিবলৈ বাধ্য কৰোৱা আৰু পথ অৱৰোধৰ ঘটনাৰ তদন্ত কৰিবলৈ নির্দেশ জাৰি কৰিছে৷ তদন্তত বিদ্যালয়সমূহৰ পৰিদর্শক বিতোপন হাজৰিকাক সহযোগ আগবঢ়াবলৈকো নির্দেশটোত কোৱা হৈছে৷
টেট উত্তীর্ণ শিক্ষক সমাজৰ গৰিহণা
সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ কেন্দ্রীয় সভাপতি ত্রৈলোক্য ডেকাই এক বিবৃতিত জনায় যে মাচুল সন্দর্ভত হোৱা সমস্যাৰ বিচাৰৰ বাবে পৰিচালনা সমিতি, বিদ্যালয়সমূহৰ পৰিদর্শক তথা শিক্ষা বিভাগ থকাৰ পাছতো এনে ঘটনা হ’বলৈ পোৱাটো দুর্ভাগ্যজনক৷ অৱশ্যে নিজৰ গণতান্ত্রিক অধিকাৰ হিচাপে শিক্ষার্থীসকলে কৰা ধর্ণা কার্যসূচীত শিক্ষক সমাজে আপত্তি কৰিবলগীয়া একো নাই৷ কিন্তু এনে আন্দোলন কার্যসূচীতে নিজৰ বিদ্যালয়ৰ শিক্ষয়িত্রীক আঁঠু লৈ ক্ষমা বিচাৰিবলৈ বাধ্য কৰোৱা ছাত্র নেতাসকল তীব্র গৰিহণাৰ যোগ্য৷ সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ সাধাৰণ সম্পাদকদ্বয় মিৰাজুল ৰছিদ আৰু দীপার্ণৱ ঘোষেও বিবৃতিযোগে কয় যে এই ঘটনাই যুগ যুগ ধৰি চলি অহা ভাৰতীয় পুৰাতন সভ্যতা, সংস্কৃতিৰ ওপৰত মোক্ষম আঘাত হানিছে৷ গুৰু–শিষ্যৰ সম্পর্কত কালিমা সনা এই ঘটনাত জড়িত ছাত্র নেতাসকলৰ ওপৰত চৰকাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্রহণ কৰা উচিত৷

You might also like