নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন জনসংখ্যা নীতিৰ পোষকতা আৰএছএছৰ

জনগাঁথনিৰ ভাৰসমতা

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ জনগাঁথনিৰ ভাৰসাম্যহীনতা তথা জনসংখ্যাৰ ভাৰসাম্যহীনতাই সমস্যাৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি নতুন জনসংখ্যা নীতিৰ পোষকতা কৰিছে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে৷ নাগপুৰত বার্ষিক বিজয়া দশমীত অংশ লৈ আৰ এছ এছৰ মুৰব্বী ভাগৱতে কয়– জনসংখ্যা নীতি পুনৰ এবাৰ বিবেচনা কৰা উচিত৷ পৰৱর্তী ৫০ বছৰৰ প্রতি লক্ষ্য ৰাখি এই নীতি যুগুত কৰা উচিত৷ সমভাৱে এই নীতি বলৱৎ কৰা উচিত৷ কিয়নো জনসংখ্যাৰ ভাৰসাম্যহীনতাই এক সমস্যা হিচাপে থিয় দিছে৷ দ্রুতগতিত দেশত জনসংখ্যা বৃদ্ধি পোৱাই ভৱিষ্যতৰ প্রতি ভাবুকি অনাই নহয়, দেশৰ বিকাশৰ ক্ষেত্রতো প্রতিবন্ধকতাৰ সৃষ্টি কৰিছে৷

আনপিনে বর্তমান সময়ত হিন্দু লোকৰ ওপৰত নির্যাতন দেশত চলি থকা বুলি প্রচাৰিত বাতৰি সন্দর্ভত উদ্বিগ্ণতা প্রকাশ কৰি দেশৰ স্বার্থৰ প্রতি লক্ষ্য ৰাখি এনে ঘটনা প্রতিৰোধ কৰাত গুৰুত্ব আৰোপ কৰে আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে৷ তদুপৰি আফগানিস্তানত ভৌগোলিক–ৰাজনৈতিক পৰিস্থিতি সলনি হোৱা বুলি উদ্বিগ্ণতা প্রকাশ কৰি তালিবানৰ ভৱিষ্যৎ কর্মপন্থা চিন্তনীয় বুলি কয় ভাগৱতে৷ তেনেদৰে চুবুৰীয়া ৰাষ্ট্র চীন আৰু পাকিস্তানে সীমান্তত সেনাৰ শক্তি বৃদ্ধি কৰা সন্দর্ভত মন্তব্য কৰি আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে কয় যে এইক্ষেত্রত ভাৰতেও সীমন্তত সমৰসজ্জা গঢ়ি তোলাটো নিশ্চয়কৈ তাৎপর্যপূর্ণ৷ তালিবানৰ ইতিহাস নিশ্চয়কৈ সকলোৰে জ্ঞাত৷ এনে সময়তে চীন আৰু পাকিস্তানে তালিবানক সমর্থন জনাইছে৷ যদি তালিবান সলনিও হয়, পাকিস্তান সলনি নহয়৷ তেনেদৰে চীনৰ দৃষ্টিভংগী ভাৰতৰ প্রতি সঠিক নহয়৷ আলোচনা হ’লেও এইক্ষেত্রত দেশে সজাগ, সতর্ক আৰু সাজু হৈ থকাটো উচিত৷

You might also like