🔹 অযোধ্যাৰ উন্নতিক লৈ প্রধানমন্ত্রীৰ গুণানুকীর্তন
🔹 তালাক দিয়াৰ পূর্বে পত্নীক অমানুষিকভাৱে প্রহাৰ স্বামীৰ
নিউজ ডেস্ক, ২৫ আগষ্ট : অযোধ্যাৰ উন্নতিক লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীক প্রশংসা কৰিছিল পত্নীয়ে৷ উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰো গুণ গাইছিল৷ তাতেই ক্ষুব্ধ হৈ পৰে স্বামী৷ ইয়াৰ বাবেই পত্নীক তিনি তালাক দিয়ে স্বামীয়ে৷ অকল সেয়াই নহয়, তালাক দিয়াৰ পূর্বে পত্নীক অমানুষিকভাৱে প্রহাৰ কৰে স্বামীয়ে৷ শাৰীৰিক আৰু মানসিক নির্যাতন চলায় শহুৰেকৰ ঘৰৰ কেইবাজনো লোকে৷ অভিযুক্তসকলৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্রদেশৰ বাহৰাইচত৷ আৰক্ষীৰ ওচৰত নির্যাতিত যুৱতীয়ে অভিযোগ দাখিল কৰা অনুসৰি, ২০২৩ চনত তেওঁলোকৰ বিয়া হৈছিল৷ ইয়াৰ পিছৰে পৰা অযোধ্যাত থাকিবলৈ লয় স্বামী–স্ত্রীয়ে৷ অযোধ্যা ধামৰ উন্নতি, ৰাস্তা–ঘাটৰ উন্নতি আদিক লৈ মহিলাগৰাকী মুগ্ধ হৈ পৰে৷ প্রধানমন্ত্রী মোদী আৰু উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে অযোধ্যাত অভূতপূর্ব উন্নতি সাধন কৰা বুলি দাবী কৰে মহিলাগৰাকীয়ে৷ এই সকলো কথা স্বামীৰ সন্মুখত কোৱাৰ লগে লগে মহিলাগৰাকীৰ ওপৰত আৰম্ভ হয় আতিশয্য৷ মহিলাগৰাকীৰ স্বামীৰ মতে, মোদী আৰু যোগীয়ে অযোধ্যাৰ কোনোধৰণৰ উন্নতি সাধন কৰা নাই৷ বৰঞ্চ অযোধ্যাক ধ্বংসৰ মুখলৈ ঠেলি দিছে৷ গতিকে পত্নীৰ এনে প্রশংসাৰ বাবে ক্ষুব্ধ স্বামীয়ে পত্নীক তিনি তালাক দিয়ে৷