নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফেব্রুৱাৰীত মুকলি কৰা হ’ব ভাৰত বায়’টেকৰ ক’ভিড–১৯ ভেকচিন ‘ক’ভাক্সিন’

ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিছার্চৰ জ্যেষ্ঠ বিজ্ঞানী ৰজনী কান্ত

নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰঃ ধাৰণা কৰাতকৈ এমাহ পূর্বে দেশীয়ভাৱে বিকশিত ক’ভিড–১৯ৰ ভেকচিন ক’ভাক্সিন মুকলি কৰা হ’ব৷ ব্যক্তিগত কোম্পানী ভাৰত বায়’টেক আৰু কেন্দ্রীয় চৰকাৰৰ অধীনৰ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছার্চৰ (আই চি এম আৰ) দ্বাৰা বিকশিত ক’ভাক্সিন মার্চ মাহত মুকলি কৰা হ’ব বুলি ইতিমধ্যে কেন্দ্রীয় চৰকাৰে ঘোষণা কৰিছে৷ এই ঘোষণাই দেশবাসীৰ মাজত আশাৰ বার্তা কঢ়িয়াই অনাৰ সময়তে চৰকাৰৰ এগৰাকী শীর্ষ বিজ্ঞানীয়ে মার্চৰ পূর্বে অর্থাৎ ফেব্রুৱাৰীতে এই ক’ভাক্সিন মুকলি কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে৷ চলিত মাহতে তৃতীয় পর্যায়ৰ মানৱ দেহত নিৰীক্ষণ আৰম্ভ হৈ শেষ হোৱাৰ পাছতে নিৰাপদ আৰু প্রভাৱশালী বুলি প্রমাণিত হোৱাৰ লগে লগে ক’ভাক্সিন মুকলি কৰা হ’ব৷ আই চি এম আৰৰ জ্যেষ্ঠ বিজ্ঞানী ৰজনী কান্তে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা মতে, ক’ভাক্সিনে ইতিমধ্যে ভাল দক্ষতা দেখুৱাইছে৷ প্রথম আৰু দ্বিতীয় পর্যায়ত এই ভেকচিনটোৰ পৰীক্ষণত সুফল দেখা পোৱা গৈছে৷ ই নিৰাপদ, কিন্তু তৃতীয় পর্যায় সমাপ্ত নোহোৱালৈকে ১০০ শতাংশ নিৰাপদ বুলি নিশ্চিত কৰিব নোৱাৰি৷ সেয়েহে ভেকচিনটোৰ তৃতীয় পর্যায়ৰ পৰীক্ষণ আৰম্ভৰ দিশে আগবাঢ়িছে আৰু ই সমাপ্ত হোৱাৰ লগে লগে ভেকচিনটো মুকলি কৰাৰ চূড়ান্ত সিদ্ধান্ত হ’ব৷ আই চি এম আৰৰ নতুন দিল্লীৰ মুখ্য কার্যালয়ত সাংবাদিকৰ সৈতে কথোপকথনত মুখ্য বিজ্ঞানীগৰাকীয়ে ভেকচিনটো ফেব্রুৱাৰীতে উপলব্ধ হ’ব বুলি প্রকাশ কৰিছে যদিও এইক্ষেত্রত ভাৰত বায়’টেকে কোনোধৰণৰ ঘোষণা কৰা নাই৷ দেশৰ প্রথমটো ক’ভিড–১৯ ভেকচিন ফেব্রুৱাৰী মাহত মুকলি কৰিব পাৰিলে ই এক বৃহৎ সাফল্য যে হ’ব সেয়া নিশ্চিত৷ গ্রেট ব্রিটেইনত অক্সফ’ডৰ ভেকচিন নৱেম্বৰ মাহৰ পৰাই প্রয়োগ কৰাৰ প্রস্তুতি সম্পূর্ণ হোৱাৰ সময়তে দেশীয়ভাৱে বিকশিত ক’ভাক্সিন ফেব্রুৱাৰীত মুকলি কৰিব বুলি কৰা ঘোষণা নিশ্চয়কৈ তাৎপর্যপূর্ণ৷ উল্লেখ্য যে দেশত বর্তমানলৈকে ৮৩ লাখতকৈ অধিক লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ বিপৰীতে ১.২৪ লক্ষাধিক লোকৰ প্রাণহানি হৈছে৷

You might also like