নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূল্যবৃদ্ধিৰ প্রতিবাদত প্ৰতি লিটাৰ গাখীৰ ১০০ টকাত বিক্ৰী কৰা হৈছে হাৰিয়ানাত

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ দেশত এতিয়া পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিয়ে সর্বস্বান্ত কৰিছে সাধাৰণ জনতাক। আবেদন-আন্দোলন কৰিও কোনো লাভ হোৱা নাই। যাৰবাবে এইবাৰ মূল্যবৃদ্ধিৰ প্রতিবাদত অভিনৱ পদক্ষেপ গ্ৰহণ কৰিলে হাৰিয়ানাৰ খাপ পঞ্চায়তৰ নেতৃত্বই।

চৰকাৰৰ পেট্ৰ’লৰ মূল্য বৃদ্ধিৰ বিপৰীতে হাৰিয়ানাৰ গাখীৰ বিক্ৰেতাসকলে গাখীৰৰ মূল্য বৃদ্ধি কৰে। খাপ পঞ্চায়তৰ বৈঠকত  সেই কথা স্পষ্টকৈ জনাইছে। বিক্ৰেতাসকলে চৰকাৰী সমবায় সমিতিক প্ৰতি লিটাৰত ১০০ টকাত গাখীৰ বিক্ৰী কৰিব।

খাপ পঞ্চায়তৰ ফালৰ পৰা কোৱা হৈছে, “প্ৰতি লিটাৰ গাখীৰ ১০০ টকাত বিক্ৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছে। একে সময়তে, আমি গাখীৰ বিক্ৰেতাসকলক চৰকাৰী সমবায় সমিতিসমূহক একে মূল্যত গাখীৰ বিক্ৰী কৰিবলৈ অনুৰোধ কৰি আছো।”

You might also like