নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঘাতে শেষ কৰিছিল নিজ কেৰিয়াৰ, কিন্তু গঢ়িলে আন বহুতৰ ফুটবল কেৰিয়াৰঃ এএফচি-বি প্ৰাপক সুবম ৰাভা

নিয়মীয়া বাৰ্ত, ২৮ ফেব্ৰুৱাৰীঃ এগৰাকী তাৰকা ফুটবলাৰ হ’ব বিচাৰিও মাত্ৰ ১৮ বছৰ বয়সতে আঘাতৰ বাবে এই সপোন ত্যাগ কৰিব লগা হৈছিল আমাৰ অসমৰে এগৰাকী যুৱকে। কিন্তু আজি তেওঁৰ সপোন সাৰ্থক কৰিবলৈ সক্ষম হৈছে তেওঁৰ শিষ্যই। আৰু যুৱকগৰাকীয়ে মাত্ৰ ২৬ বছৰ বয়সতে এগৰাকী উচ্চ মানৰ ফুটবলাৰ প্ৰশিক্ষক ৰূপে এছিয়ান ফুটবল কনফেডাৰেচনৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছে স্বীকৃতি।

এছিয়ান ফুটবল কনফেডাৰেচনৰ পৰা ফুটবল প্ৰশিক্ষণৰ বাবে লাভ কৰিছে এএফচি-বি অনুজ্ঞা পত্ৰ।  যুৱকগৰাকীৰ নাম সুবম ৰাভা। পৰ্টুগীজ ফুটবলাৰ লুইছ নানিৰ অনুৰাগী ৰাভাই আঘাতৰ বাবে নিজৰ ফুটবল কেৰিয়াৰৰ সমাপ্ত হোৱাৰ পিছতো ৰৈ থকা নাথাকি অকলে গঠন কৰিছিল এক ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ লুটুমা ফুটবল একাডেমী।

প্ৰথম অৱস্থাত স্থানীয় ল’ৰাসকলক ফুটবলৰ প্ৰশিক্ষণ দিছিল, লাহে লাহে আন অঞ্চলৰ পৰাও ফুটবল ভাল পোৱা ল’ৰা আহিছিল কেন্দ্ৰটোলৈ। আৰু আজি এই কেন্দ্ৰৰ তথা ৰাভাৰ শিষ্যই দেশৰ উচ্চ পৰ্যায়ৰ ফুটবল লীগত স্থান পাবলৈ সক্ষম হৈছে। আনহাতে তেওঁৰে শিষ্য প্ৰজ্ঞান মেধিয়ে পিন্ধিবলৈ সক্ষম হৈছে ভাৰতৰ ১৭ অনূৰ্ধ্ব ফুটবল দলৰ জাৰ্চী। তেওঁ এতিয়া আছে যুৱ ৰাষ্ট্ৰীয় শিবিৰত। বীৰেন্দ্ৰ ৰাভা সিং আৰু নিখিল ডেকাও প্ৰশিক্ষণ কেন্দ্ৰটোৰ ষ্টাৰ ৰূপে দেশৰ ভিন্ন লীগত অংশ লৈছে।

আঘাতে তেওঁৰ খেলৰ কেৰিয়াৰ শেষ কৰা দিনবোৰ স্মৰণ কৰি সুবমে কৈছিল- “এইটো কঠিন আছিল। কি কৰিব লাগে মোৰ কোনো ধাৰণা নাছিল। কেনেকৈ আঘাতৰ পৰা সম্পূৰ্ণ সুস্থ হ’ব পৰা যাব, তাক লৈ আমাৰ সঠিক ধাৰণা নাছিল। মই বহি থকাৰ বাবে হতাশগ্ৰস্ত আৰু দুখিত হৈ পৰিছিলো।”

শেষত তেওঁ সিদ্ধান্ত লৈছিল- ” যিকোনো প্ৰকাৰে মই আটাইতকৈ বেছি ভাল পোৱা এই খেলৰ সৈতে থাকিব লাগিব।”

এই সিদ্ধান্তই তেওঁক আজি এগৰাকী ফুটবলাৰ হিচাপে নহ’লেও ফুটবল প্ৰশিক্ষক ৰূপে এক আন্তঃৰাষ্ট্ৰীয় স্তৰত পৰিচিতি দিলে।

সুবম ৰাভাৰ এতিয়া লক্ষ্য এএফচি-বি লাইচেঞ্চ অৰ্জন কৰাৰ পিছত এএফচিৰ চি পৰ্যায়ৰ অনুজ্ঞা-পত্ৰ লাভ কৰা। এয়া হ’ব এছিয়ান ফুটবল ক’ফেডাৰেচনে (এএফচি) প্ৰদান কৰা প্ৰশিক্ষক ৰূপে স্বীকৃতিৰ সৰ্বোচ্চ স্তৰ।

You might also like