নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইটালীত ২০০০ বছৰ পুৰণি ৰথ উদ্ধাৰ, পম্পেই চহৰ ধ্বংসৰ সময়তে পোত গৈছিল মাটিত

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ আজি ইটালীৰ প্ৰত্নতাত্ত্বিক বিভাগে মাটিৰ তলত প্ৰায় ২,০০০ বছৰ পুৰণি এখন ৰথ উদ্ধাৰ কৰে। দেশখনৰ নাপলেছ চহৰৰ ওচৰত উদ্ধাৰ কৰা ৰথখন কাঠ আৰু লোৰে নিৰ্মিত হোৱাৰ লগতে ইয়াক ব্ৰঞ্জেৰে সজোৱা আছিল।

প্ৰায় অক্ষত অৱস্থাত উদ্ধাৰ কৰা হয় ৰথখন। প্ৰশাসনে এক অবৈধ খননৰ তদন্ত চলোৱা অৱস্থাত এই ৰথখন প্ৰত্যক্ষ কৰে, যাৰ বাবে ই এক আচৰিত ধৰণে উদ্ধাৰ হোৱা প্ৰত্নতাত্ত্বিক সমল ৰূপে অভিহিত কৰা হৈছে।

ধাৰণা কৰা মতে, আগ্নেয়গিৰিৰ বাবে পম্পেই চহৰ ধ্বংসপ্ৰাপ্ত হোৱা সময়তে উক্ত ৰথখন মাটিয়ে পুতি পেলাইছিল। ইটালীৰ প্ৰত্নতাত্ত্বিক বিভাগৰ মতে, এয়া এক অনন্য অনুসন্ধান। এতিয়ালৈকে ইটালীত এনে আৱিষ্কাৰ কৰা হোৱা নাই।

You might also like