নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্ধ্র প্রদেশৰ ইলুৰুত অঘটন: দূষিত পানী সেৱন, শিশুসহ ২২৭জন চিকিৎসালয়ত ভর্তি

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ অন্ধ্র প্রদেশৰ পশ্চিম গোদাবৰী জিলাৰ ইলুৰুত দূষিত পানী সেৱন কৰাৰ ফলত অতি কমেও ২২৭জন লোক অসুস্থ হৈছে৷ ইলুৰুৰ চৰকাৰী হাস্পতালত চিকিৎসাধীন হৈ থকা ২২৭জনৰ ভিতৰত ৪ বছৰীয়া শিশুও আছে৷ চৰকাৰী হাস্পতালখনৰ অধীক্ষক ড০ মোহনে প্রকাশ কৰা মতে যোৱানিশাৰে পৰা আজিলৈকে অসুস্থ লোকৰ সংখ্যা বৃদ্ধি পাই আছে৷ কিছুসংখ্যক লোকক প্রাথমিক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হৈছে যদিও একাংশ লোকক চিকিৎসা চলাই থকা হৈছে৷

অধীক্ষকগৰাকীয়ে প্রকাশ কৰা মতে অসুস্থ লোকসকলে বমি কৰাৰ লগতে মূৰ ঘূৰণিত আক্রান্ত হৈছে৷ ঘটনা সন্দর্ভত অঞ্চলটোলৈ চিকিৎসাৰ বাবে চিকিৎসকৰ দল এটা প্রেৰণ কৰা বুলি স্বাস্থ্যমন্ত্রী এ কালিকৃষ্ণ শ্রীনিৱাসে প্রকাশ কৰিছে৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ প্রকাশ কৰা মতে যোৱানিশাৰে পৰা ইলুৰু অঞ্চলত কেইবাখনো গাঁৱৰ বাসিন্দাই আচম্বিতে বমি কৰিবলৈ ধৰাৰ লগতে চকুত জ্বলা–পোৰা আৰম্ভ হয়৷ কিছুসংখ্যকৰ পেটৰ বিষো হৈছে৷ এই আক্রান্তৰ ভিতৰত কিছুসংখ্যক শিশুও আছে৷ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ইলুৰু চৰকাৰী চিকিৎসালয়ত ততালিকে ১০০তকৈ অধিক বিছনা অতিৰিক্তকৈ সাজু কৰা হৈছে৷

You might also like