নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমল–মর্কজুল আৰিফৰ বিৰুদ্ধে গোচৰ

সন্ত্রাসবাদৰ ধন আজমল ফাউণ্ডেচনলৈ

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ  দেওবাৰে হোজাইত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা উপস্থিত হৈ ইউডিএফপ্রধান বদৰুদ্দিন আজমলক ৰাষ্ট্রবিৰোধী আৰু সমাজবিৰোধী কার্যকলাপ বন্ধ কৰাৰ বাবে হুংকাৰ দিয়ে৷ দেওবাৰে অসম আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে দুপৰীয়া ১২ বজাত শতাধিক কার্যকর্তা লগত লৈ জয় শ্রীৰাম, বন্দে মাতৰম, জয় আই অসম আদি ধবনিৰে হোজাই আৰক্ষী নিৱেশত উপস্থিত হৈ বৰাই ইউডিএফ দলৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল আৰু তেওঁৰ পৰিয়ালৰ অন্তর্গত সংস্থা মর্কজুল মা আৰিফৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ হোজাই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০/বি/১২৪এ/ ৪২০ আৰ ডব্লিউ ফ’ৰেইন এক্সছেন মেইটেনেন্স এক্ট ১৩ আৰু ফ’ৰেইন কণ্ড্রিবিউচন (ৰেগুলেচন) এক্ট ৩৩ (এ) (বি) ধাৰাৰ অধীনত ৮৪৮/২০নং গোচৰটো পঞ্জীয়ন কৰে৷ ইউডিএফপ্রধান বদৰুদ্দিন আজমলে কালি সংবাদ মেলত সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গোচৰ তৰিব বুলি যি ঘোষণা কৰিছে তাক প্রত্যাহ্বান জনায় বৰাই৷

ইফালে, আজমল চি এছ আৰৰ অধীনস্থ মর্কজুল মা আৰিফৰ সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰে এক প্রেছ বিবৃত্তিযোগে এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰে৷ তেওঁ বিবৃতিত কয়– সত্যৰঞ্জন বৰা আৰু লিগেল ৰাইটছ অৱজার্ভেটৰি নামৰ সংস্থাই মর্কজুল মা আৰিফেFCRAৰ জৰিয়তে লাভ কৰা ধনৰ সৈতে সন্ত্রাসবাদক যুক্ত কৰাত আমি উদ্বেগেৰে লক্ষ্য কৰিছোঁ৷ এই অভিযোগবোৰ মিছা আৰু ভিত্তিহীন৷ তেওঁ লগতে কয় যে মর্কজুল মা আৰিফৰ দ্বাৰা আয়োজিত মর্কজ প্রতিভা সন্ধানী পৰীক্ষাৰ তেওঁ এজন অংশগ্রহণকাৰী আৰু বিজেতা আছিল বুলি বৰাই নিজে প্রকাশ কৰিছে৷ সেই পৰীক্ষা ১৯৯৪/৯৫ চনত অনুষ্ঠিত হোৱা বুলি তেওঁ দাবী কৰিছে অথচ সেই পৰীক্ষা ২০০২ চনত আৰম্ভণি ঘটিছিল৷ বৰাই সম্পূর্ণ মিছাৰ আশ্রয় লৈছে বুলি তেওঁ মন্তব্য কৰে৷

You might also like