নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত এতিয়া বিশ্বৰ প্রধান দ্রুত অর্থনীতি

🔹 শুল্ক যুদ্ধৰ ক্ষতিক নস্যাৎ কৰি প্রধানমন্ত্রী মোদীৰ ঘোষণা

নিউজ ডেস্ক, ১১ আগষ্ট : ভাৰত বর্তমান বিশ্বৰ ভিতৰতে আটাইতকৈ দ্রুতগতিত বৃদ্ধি পোৱা প্রধান অর্থনীতি৷ বিগত ১১ বছৰত ভাৰতৰ অর্থনীতি বিশ্বৰ দশম স্থানৰ পৰা পঞ্চম স্থানলৈ উন্নীত হৈছে৷ বর্তমান দেশখনে শীর্ষ তৃতীয় স্থানত উপনীত হোৱাৰ বাবে দ্রুতগতিত অগ্রসৰ হৈছে৷ এই গতিবেগৰ কাৰণ স্পষ্ট উদ্দেশ্য আৰু সৎ প্রচেষ্টাৰ দ্বাৰা পৰিচালিত ‘সংস্কাৰ, প্রদর্শন আৰু ৰূপান্তৰৰ মনোভাব’৷ মার্কিন প্রশাসনে আৰোপ কৰা অত্যধিক শুল্কৰ প্রভাৱ নস্যাৎ কৰি বেংগালুৰুত কালি প্রায় ২২,৮০০ কোটি টকাৰ মেট্র’ প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত এইদৰে কয় প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ শেহতীয়াকৈ দেশত আন্তঃগাঁথনি বিকাশৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে ২০১৪ চনত মেট্র’ সেৱা কেৱল ৫খন চহৰতে সীমাবদ্ধ আছিল৷ বর্তমান দেশৰ ২৪খন চহৰত এহেজাৰ কিলোমিটাৰতকৈও অধিক দূৰত্ব বিস্তৃত হৈ ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম মেট্র’ নেটৱর্ক হিচাপে পৰিগণিত হৈছে৷

তেওঁ লগতে উল্লেখ কৰে যে ২০১৪ চনৰ পূর্বে দেশৰ কেৱল ২০ হাজাৰ কিলোমিটাৰ ৰে’লপথৰ বৈদ্যুতিকৰণৰ বিপৰীতে বিগত ১১ বছৰত ৪০ হাজাৰ কিলোমিটাৰতকৈও অধিক ৰে’লপথৰ বিদ্যুৎ সংযোগ কৰা হৈছে৷ ভাৰতৰ কৃতিত্ব কেৱল স্থলভাগতে নহয়, আকাশমার্গতো সফলতা অর্জন কৰা বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে ২০১৪ চনৰ ৭৪টা বিমানবন্দৰৰ বিপৰীতে বর্তমান এই সংখ্যা ১৬০ৰো অধিক বুলি কয়৷

স্বাস্থ্য আৰু শিক্ষাখণ্ডৰ অগ্রগতি সন্দর্ভত প্রধানমন্ত্রীয়ে কয় যে ২০১৪ চনৰ আগলৈকে দেশত ৭খন এইমছ আৰু ৩৮৭খন চিকিৎসা মহাবিদ্যালয় আছিল৷ বর্তমান দেশত ২২খন এইমছ আৰু ৭০৪খন চিকিৎসা মহাবিদ্যালয়ে জনসাধাৰণক সেৱা আগবঢ়াই আহিছে৷ তদুপৰি বিগত ১১ বছৰত দেশত এক লক্ষাধিক নতুন চিকিৎসা আসন সংযোজনেৰে মধ্যবিত্ত শিক্ষার্থীসকলক চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ ক্ষেত্রত যথেষ্ট সুবিধা প্রদান কৰিছে৷ বিগত ১১ বছৰত আইআইটিৰ সংখ্যা ১৬ৰ পৰা ২৩খন, আইআইএমৰ সংখ্যা ১৩ৰ পৰা ২১খনলৈ বৃদ্ধি পাইছে৷ যাৰ জৰিয়তে ছাত্র–ছাত্রীসকলে উচ্চ শিক্ষাত যথেষ্ট সুযোগ লাভ কৰিছে৷ দেশৰ উন্নয়নৰ দ্রুতগতি ভাৰতৰ অর্থনৈতিক বিকাশৰ দ্বাৰা শক্তিশালীভাৱে পৰিচালিত হোৱা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– ১১ বছৰ পূর্বে দেশৰ ৰপ্তানি আছিল মাত্র ৪৬৮ বিলিয়ন মার্কিন ডলাৰ৷ এই পৰিমাণ বর্তমান ৮২৪ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি পাইছে৷ ইফালে, এসময়ত ম’বাইল ফোন আমদানি কৰা ভাৰতে বিগত ১১ বছৰত আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে বিশ্বৰ শীর্ষ ৫খন ৰপ্তানিকাৰী দেশৰ তালিকাত অন্তর্ভুক্ত হৈছে৷ ২০১৪ চনৰ পূর্বে ভাৰতৰ ইলেক্ট্র’নিক্স সামগ্রী ৰপ্তানিৰ পৰিমাণ ৬০০ কোটি মার্কিন ডলাৰৰ বিপৰীতে বর্তমান ৩,৮০০ কোটি মার্কিন ডলাৰলৈ বৃদ্ধি পাইছে৷ অটোম’বাইল খণ্ডতো ভাৰতৰ বিকাশৰ কথা উল্লেখ কৰি এই সাফল্যই আত্মনির্ভৰ ভাৰতৰ সংকল্পক শক্তিশালী কৰা বুলি উল্লেখ কৰে৷ অপাৰেচন সিন্দূৰৰ পিছত প্রথমবাৰলৈ বেংগালুৰু ভ্রমণ কৰা প্রধানমন্ত্রীয়ে পাকিস্তান সীমান্তৰ গভীৰতাত সন্ত্রাসবাদীৰ গোপন ঘাটি ধ্বংস কৰাৰ সামর্থ্যৰ কথা উল্লেখ কৰি অপাৰেচন সিন্দূৰত ভাৰতীয় সেনা বাহিনীৰ ভূমিকা আলোকপাত কৰে৷ সন্ত্রাসবাদীক সুৰক্ষা দিবলৈ অহা পাকিস্তানক ক্ষণিকতে আঁঠু ল’বলৈ বাধ্য কৰোৱাৰ খবৰে ভাৰতৰ শক্তিৰ গুৰুত্বকে প্রতিপন্ন কৰে বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে অপাৰেচন সিন্দূৰৰ সফলতাত প্রযুক্তি আৰু প্রতিৰক্ষা খণ্ডত মেক ইন ইণ্ডিয়াৰ শক্তিৰ কথা আলোকপাত কৰে৷ এই সাফল্যত বেংগালুৰু আৰু কর্ণাটকৰ অন্যান্য ঠাইৰ যুৱক–যুৱতীসকলৰ অৱদানকো স্বীকাৰ কৰে৷ তেওঁ এই সফলতাত ভূমিকা পালন কৰা সকলোকে অভিনন্দন জ্ঞাপন কৰে৷

বিশ্বৰ প্রধান চহৰসমূহৰ দৰে বেংগালুৰুৱেও স্বীকৃতি পোৱা বুলি উল্লেখ কৰি এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতে কেৱল বিশ্বজুৰি প্রতিযোগিতাই নহয়, নেতৃত্বও দিব লাগিব৷ তেওঁ কয় যে প্রগতি তেতিয়াহে সম্ভৱ যেতিয়া আমাৰ চহৰসমূহ স্মার্ট, দ্রুত আৰু কার্যক্ষম হ’ব৷ লগতে আন্তঃগাঁথনি প্রকল্প সম্পূর্ণ কৰাৰ ওপৰত চৰকাৰে শক্তিশালীভাৱে মনোনিৱেশ কৰিব৷ কালি বেংগালুৰু মেট্র’ৰ হালধীয়া লাইন উদ্বোধন কৰি প্রধানমন্ত্রীয়ে কয় যে এই সুবিধাই স্থানীয় লোকসকলৰ যাত্রাৰ সময় যথেষ্ট হ্রাস কৰিব৷ তেওঁ লগতে বেংগালুৰু মেট্র’ৰ তৃতীয় পর্যায়ৰ কামৰো আধাৰশিলা স্থাপন কৰে৷ এই প্রকল্প সম্পূর্ণ হ’লে দৈনিক ২৫ লাখ যাত্রীৰ যাত্রা সুচল কৰি তুলিব৷

You might also like