এটা নতুন ভাগৰ
ভালকৈ শুই উঠাৰ পিছতো কেতিয়াবা ভাগৰুৱা অনুভৱ কৰিছেনে? বন্ধু, সহকর্মীয়ে ‘হ’ল আৰু, বহুত কাম কৰিলোঁ’ জাতীয় কথা ক’বলৈ লোৱা লক্ষ্য কৰিছেনে? কেৱল শাৰীৰিক ভাগৰ বা অত্যধিক কামৰ হেঁচাতে এনে নহয়৷ এই ভাগৰ অলপ বেলেগ৷ এই ভাগৰটো ভিতৰত লাগে৷ আমাৰ ভিতৰত শিপা গজোৱা এই ভাগৰটোৱে ক্রমাৎ পোখা মেলে আৰু এটা সময়ত আমাৰ ব্যক্তিত্বৰ এটা অংশ হৈ পৰে৷ আমি হৈ পৰোঁ এটা ভাগৰুৱা ব্যক্তিত্ব৷ আমাৰ ব্যক্তিত্ব পর্যন্ত সলনি কৰি দিয়া এই গভীৰ ভাগৰটোৱে হ’ল আৱেগিক ক্লান্তি৷ এই ভাগৰ ইমান নীৰৱে আহে যে ভুক্তভোগীয়ে ভুগি আছে বুলি গমেই নাপায়৷ এই ভাগৰ হৈ পৰে জীৱনশৈলী৷
কর্ম, ব্যক্তিগত জীৱন, সম্পর্ক বা বিভিন্ন আৱেগিক কাৰণত আমি যেতিয়া শ্রান্ত হৈ পৰোঁ, ভিতৰখন খালী খালী অনুভৱ কৰোঁ, সেই অৱস্থাটোৱেই হৈছে আৱেগিক ক্লান্তি৷ জিৰণি বা ভাল টোপনিয়ে নিৰাময় কৰিব পৰা শাৰীৰিক ভাগৰ আৰু আৱেগিক ক্লান্তি একে নহয়৷ আৱেগিকভাৱে ক্লান্ত হৈ পৰিলে মানুহ ক্রমাৎ নিষ্ক্রিয় হৈ পৰে, নিৰুৎসাহী হৈ পৰে, কোনো কথাকে গুৰুত্ব নিদিয়া হয়, আনকি সাংঘাতিক ভাল পোৱা কামবোৰতো ৰোমাঞ্চিত অনুভৱ নকৰা হয়৷ আটাইতকৈ বিপজ্জনক কথাটো হ’ল– মানুহে এই অৱস্থাটোক স্বাভাৱিক বুলি ভাবে, ভাবে এয়াই জীৱন৷
এই ভাগৰ অদৃশ্য, নীৰৱ৷ শাৰীৰিক ৰোগৰ দৰে দৃশ্যমান লক্ষণ নাই৷ আপুনি গমেই নাপায় আপুনি কেতিয়া হাঁহিবলৈ বন্ধ কৰি দিলে৷ আপোনজনে ফোন কৰিলেও নধৰা হ’ল৷ টিভি বা ফোনটো বহু সময় চায়ো ভাল লগা কিবা এটা বিচাৰি নাপায়৷ সদায় ব্যস্ত, কিন্তু কি কৰি আছে নাজানে৷ গোটেই পৃথিৱীখনে ব্যস্ত হোৱাৰ প্রশংসা কৰে৷ এনে লোকক কৰে যি দহোবন কৰে, কার্যকৰী আৰু ফলপ্রসূভাৱে কৰে আৰু সেই বাবেহে জিৰণি ত্যাগ কৰে৷ আৱেগিকভাৱে ক্লান্ত লোক দেখাত ব্যস্ত হ’ব পাৰে, কামৰ কাম কিন্তু একো নকৰে৷
সময়ৰ লগে লগে আৱেগিক ক্লান্তি কেৱল অনুভৱ হৈ নাথাকে৷ আমি কেনে আচৰণ কৰোঁ, কেনেকৈ চিন্তা কৰোঁ আৰু কেনেকৈ সম্পর্ক স্থাপন কৰোঁ সেয়াও প্রভাৱিত কৰিবলৈ আৰম্ভ কৰে৷ লাহে লাহে ভাগৰুৱা ভাবটো ব্যক্তিত্বৰ এটা বৈশিষ্ট্যত পৰিণত হয়৷ এসময়ৰ ফূর্তিবাজ বন্ধুজন সকলোকে আচৰিত কৰি হঠাৎ খিংখিঙীয়া হৈ পৰে৷ উদ্যমী, উৎসাহী সহকর্মী এজন হঠাতে নিস্তেজ হৈ পৰে৷ তেওঁলোক ইচ্ছা কৰি সলনি হোৱা নাই৷ তেওঁলোক ভাগৰতহে জ্বলি শেষ হৈ গৈছে৷
এই ভাগৰ ক’ৰ পৰা আহে? কোনো ডাঙৰ কথাৰ পৰা নহয়, বৰঞ্চ সৰু সৰু, অহৰহ পাই থকা চাপৰ পৰাহে এই অৱসাদ গঢ় লৈ উঠে৷ অর্থ নোহোৱাকৈ আমি কিছুমান কামৰ বোজা লওঁ৷ আমি নিজে গুৰুত্ব নিদিয়া কাম এটা যদি দীঘলীয়া হৈ পৰে, ভিতৰত পোৱা অশান্তিটোৱে আমাক চেপি পেলায়৷ বহুতে কৰি ভাল নোপোৱা চাকৰিত আবদ্ধ হৈ থাকে, কিন্তু আর্থিক বা সামাজিক কাৰণত এৰি যাব নোৱাৰে৷ স্মার্ট ফোন আৰু স্মার্ট জীৱন একে নহয়৷ কামৰ তাগিদাত আমি যে চৌব্বিশ ঘণ্টাই ফোনটো ‘অন’ কৰি থওঁ, আমাৰ জীৱনটোও ‘অন’ হৈ থাকে৷ ব্যক্তিগত জীৱন বুলি থকা ধাৰণাটো ম’বাইল ফোনটোৱে শেষ কৰি পেলালে৷ আপোনাৰ যিয়েই নহওক, আনক আপুনি তৎক্ষণাত সঁহাৰি দিব লাগিব৷ দিনতো৷ ৰাতিও৷ আমাৰ আৱেগিক শ্রম বাঢ়ি যায়৷ আমি বলেৰে হাঁহি থাকিবলৈ, ভদ্র হ’বলৈ আৰু শান্ত হৈ থাকিবলৈ চেষ্টা কৰোঁ– মন নগ’লেও৷ শলাগ পিছে কোনেও নলয়৷ স্বীকৃতি কোনেও নিদিয়ে৷ আপোনাৰ কামৰ মূল্যক লৈ আপোনাৰ নিজৰ মনতে প্রশ্ণ উত্থাপন হ’বলৈ লয়৷ আপুনি সদুত্তৰ নাপায়৷ উত্তৰবিহীন এই প্রশ্ণই আপোনাৰ কাম কৰাৰ উৎসাহ, প্রেৰণাক চেপিবলৈ আৰম্ভ কৰে৷ লগতে আছে ব্যক্তিগত কথাবিলাক৷ আঘাতবিলাক৷ অতীতৰ আৱেগিক ঘাবোৰ৷ আপোনজনক হেৰুওৱা, সম্পর্ক ভঙা, শৈশৱতে মনত পোৱা আঘাত ইত্যাদি৷ বছৰৰ পিছত বছৰ মানুহে এই আৱেগিক ক্লান্তি কঢ়িয়াই ফুৰে৷ তদুপৰি আছে সকলোৰে বাবে সকলো হ’বলৈ চেষ্টা কৰাৰ প্রৱণতা আৰু হেঁচা৷ নিখুঁত কর্মচাৰী, নিখুঁত অভিভাৱক, নিখুঁত বন্ধু, নিখুঁত সকলো হোৱাৰ ইচ্ছাৰ বাবে সকলোকে সন্তুষ্ট কৰাৰ অহৰহ চেষ্টাৰ পিছত আমাৰ নিজলৈ একো নাথাকে৷
আৰু আপুনি সলনি হ’বলৈ আৰম্ভ কৰে৷ আৱেগিকভাৱে অনেক সময়ত শূন্য হৈ পৰে৷ কেতিয়াবা নেতিবাচক বা কটু হৈ পৰে৷ আপুনি অভদ্র হোৱাৰ বাবে নহয়, কিন্তু মানুহ বা ব্যৱস্থাৰ ওপৰত বিশ্বাস হেৰুৱাই পেলোৱাৰ বাবে৷ মানুহক লগ পোৱাটো কামৰ দৰে অনুভৱ হয়৷ সামাজিক যোগাযোগৰ পৰা আপুনি পিছুৱাই যায়৷ আত্মবিশ্বাস কমিবলৈ আৰম্ভ কৰে৷ এই পৃথিৱীৰ কাৰণে আপুনি যেন উপযুক্ত নহয়৷ নিজৰ দক্ষতা, চেহেৰা আৰু সিদ্ধান্তক লৈও আপোনাৰ সন্দেহ ওপজে৷ সৰু সৰু কথাতে আপুনি উত্তেজিত হৈ পৰে৷ এই পৰিস্থিতিৰ পৰা যে পৰিত্রাণ আছে সেই আশা আপোনাৰ মনৰ পৰা ক্রমাৎ নোহোৱা হৈ আহে৷
কোনেও কিন্তু একো নকয়৷ মানুহে এই বিষয়ে কথা নাপাতে৷ আৱেগিক ক্লান্তিত ভুগিও বহু মানুহ মৌন হৈ থাকে৷ আনে দুর্বল বুলি ভাবিব৷ তেওঁলোকে ভয় খায়৷ কাৰণ সমাজে শক্তিৰহে প্রশংসা কৰে, দুর্বলতাৰ নহয়৷ অৱশ্যে তেওঁলোকৰ অনেকেই বুজি নাপায় কি হৈ আছে৷ তেওঁলোকে ভাবে যে তেওঁলোক মাত্র ভাগৰুৱা বা এলেহুৱা হৈ পৰিছে৷ তথাপি ভয় খায়– বিৰতি ল’লে সন্মান হেৰুৱাব লগা হ’ব পাৰে৷ আটাইতকৈ ডাঙৰ কথাটো হ’ল– মানুহ অভ্যস্ত হৈ পৰে৷ সুখী হোৱাটো কেনেকুৱা মানুহে পাহৰি যায়৷
এখন মুখা হৈ অৱশ্যে সামাজিক মাধ্যম আহিল৷ এইখন পৃথিৱীত সকলো সুখী৷ ছেল্ফি, বিদেশ ভ্রমণ, প্রেৰণাদায়ক উক্তিৰ আঁৰত কোনে কি সংগ্রাম কৰি আছে কোনে জানিব, বুজিব৷ নিজকে নিখুঁত দেখুওৱাৰ এই যি অহৰহ প্রচেষ্টা, মানুহৰ প্রকৃত অনুভৱ লুকাই যায়, লুকুৱাবলৈ মানুহ বাধ্য হয়৷ আৱেগিক ক্লান্তি বাঢ়ি যায়৷ নীৰৱে৷
ভাল কথাটো হ’ল- এই ক্লান্তিও দূৰ কৰিব পাৰি৷ ইয়াৰ বাবে কেৱল সচেতন প্রচেষ্টাৰ প্রয়োজন৷ প্রথম পদক্ষেপটো হ’ল আমি মানি ল’ব লাগিব যে আমি ক্লান্ত৷ ইয়াত লাজ কৰিবলগীয়া একো নাই৷ অপৰাধবোধ হ’বলগীয়াও নাই৷ জিৰণি লোৱা মানে এলেহুৱা হোৱা নুবুজায়৷ বিশ্রাম বিলাসিতা নহয় যে আমি ল’বলৈ সংকোচ কৰিব লাগে৷ সমস্যা হৈছে, খুলি কওক৷ কথা পাতিলে সকাহ পোৱা যায়৷ আনন্দ বিচাৰিবলৈ আৰম্ভ কৰক৷ সৰু সৰু কথাত, অথচ বহু দিন নকৰা৷ গান শুনা, চিনেমা চোৱা, এপাক ক’ৰবাত ফুৰি অহা আৰু কেতিয়াবা আনকি একো নকৰাকৈ থকা৷ ডিজিটেল বিৰতি লওক৷ ফোনটো নোহোৱাকৈ ক’ৰবালৈ গুচি যাওক– লাগে কিছু সময়ৰ কাৰণেই হওক৷ নিখুঁত হ’বলৈ চেষ্টা কৰা বন্ধ কৰক৷ সকলোকে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰাৰ দৰকাৰ নাই৷ আপুনি মানুহ, যন্ত্র নহয়৷
এই অৱসাদৰ অৱসান তৎক্ষণাত নহয়৷ ই এক যাত্রা৷ এই যাত্রাত আপুনি হয়তো দুখোজ আগুৱায় আৰু এখোজ পিছুৱায়– কোনো কথা নাই৷ সময়ৰ লগে লগে আপুনি নকল হাঁহি বন্ধ কৰি আকৌ সঁচাকৈয়ে হাঁহিবলৈ আৰম্ভ কৰিব৷ আপুনি শান্তিৰে শুব৷ আপোনাৰ মনত পৰিব আপুনি প্রকৃততে কোন৷ আপুনি নিজৰ ওচৰলৈ ঘূৰি আহিব৷
সেয়েহে ভাগৰক আপোনাৰ পৰিচয় হ’বলৈ নিদিব৷ ভাগৰক আপোনাক সংজ্ঞায়িত কৰিবলৈ নিদিব৷ আপোনাৰ যেতিয়াই ভাগৰি পৰিছোঁ যেন লাগে, নিজকে সুধিব– এয়া কেৱল ভাগৰেইনে?
ফোন : ৯৪৩৫০–৪৮৪৮০