নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ শংকাত তামিলনাডু এৰিছে প্রব্রজিত শ্রমিকে

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ তামিলনাডুত ক’ভিড–১৯ সংক্রমণ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত চৰকাৰে ২০ এপ্রিলৰ পৰা কেইবাটাও নিষেধাজ্ঞা জাৰি কৰাৰ লগতে নিশা ১০ বজাৰ পৰা পুৱা ৪ বজালৈ সান্ধ্য আইন বলৱৎ কৰিছে৷ তদুপৰি দেওবাৰে সম্পূর্ণ লকডাউন ঘোষণা কৰিছে৷ ইয়াৰ সমান্তৰালকৈ চেন্নাইৰ উদ্যান, সাগৰৰ তীৰ আদি বন্ধ ঘোষণা কৰাৰ লগতে ব্যৱসায়িক প্রতিষ্ঠান, শাক–পাচলি বজাৰকে ধৰি দোকান–পোহাৰ খোলাত প্রতিবন্ধকতা জাৰি কৰিছে৷

চেন্নাই কর্প’ৰেচনে প্রকাশ কৰা মতে ক’ভিড–১৯ আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত ব্যৱসায়িক প্রতিষ্ঠান, বাৰ–ৰেষ্টুৰেণ্ট, শাক–পাচলি বজাৰ, চৰকাৰী বিপণীসমূহ নিশা ৯ বজালৈ খোলা থাকিব৷ তদুপৰি দোকানসমূহত এটা সময়ত মাত্র ৫০ শতাংশ গ্রাহকহে প্রৱেশৰ অনুমতি দিব লাগিব৷ এই সময়ছোৱাত গ্রাহক–দোকানী সকলোৱে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বর্তাই ৰাখিব লাগিব৷ চৰকাৰে গ্রহণ কৰা কঠোৰ নির্দেশনাৱলী আৰু নৈশ সান্ধ্য আইনৰ পিছত ৰাজ্যখনত পূর্ণাংগ লকডাউনৰ শংকাত প্রব্রজিত শ্রমিকসকল নিজ গৃহাভিমুখী হৈছে৷

তামিলনাডুৰ ৰে’ল ষ্টেচনসমূহত বহিঃৰাজ্যগামী লোকৰ সংখ্যা বর্ধিত হৈছে৷ অলপতে বিধানসভা নির্বাচন অনুষ্ঠিত হৈ যোৱা তামিলনাডুত আক্রান্তৰ পৰিমাণ বৃদ্ধি পাই থকাৰ সমান্তৰালকৈ কেৰালাতো আক্রান্তৰ সংখ্যা বর্ধিত হৈছে৷ ৰাজ্যখনৰ পৰাও প্রব্রজিত শ্রমিকসকল গৃহাভিমুখী হৈছে৷ লক্ষণীয় যে ভাৰতত ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে সংহাৰী ৰূপ লোৱাৰ পিছতে বিদেশী ৰাষ্ট্রসমূহে বিভিন্ন ব্যৱস্থা গ্রহণ কৰিছে৷ হংকঙে ভাৰতগামী সকলো বিমানসেৱা বাতিল কৰিছে৷

অসামৰিক বিমান পৰিবহণ কর্তৃপক্ষই প্রকাশ কৰা মতে অহা ২০ এপ্রিলৰ পৰা ৩০ মে’লৈ ভাৰতলৈ যাবলগীয়া সকলো বিমান হংকঙে বাতিল কৰিছে৷ আনহাতে হংকং ভ্রমণ কৰা সকলো বিমানযাত্রীৰে ক’ভিড নিগেটিভ আৰটিপিচিআৰ ফলাফল আৱশ্যক আছে বুলি ঘোষণা কৰিছে৷ ভাৰতৰ লগতে পাকিস্তান আৰু ফিলিপাইনছলৈ যাবলগীয়া সকলো বিমান সেৱা বাতিল কৰিছে৷ চলিত মাহত দুখন ভিষ্টাৰা বিমানৰ ৫০জন যাত্রীৰ ক’ভিড পজিটিভ হোৱাৰ পিছতে এই সিদ্ধান্ত গ্রহণ কৰিছে৷

You might also like