নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুইডেনৰ সংস্থাৰ প্রতিবেদন: ভাৰতৰ আমদানি হ্রাস ৩৩ শতাংশলৈ

নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ বিশ্বজুৰি অস্ত্রৰ ব্যৱসায় অভাৱনীয়ভাৱে বৃদ্ধি পাইছে আমেৰিকাত৷ বিগত ৫ বছৰত বিশ্বত অস্ত্র ৰপ্তানিৰ ৩৭ শতাংশলৈকে বৃদ্ধি কৰিছে আমেৰিকাই৷ অর্থাৎ গোলকীয় অস্ত্র বাণিজ্যৰ ৩৭ শতাংশই আমেৰিকাৰ নিয়ন্ত্রণলৈ গৈছে৷ ইউৰোপীয় দেশ ছুইডেনৰ ষ্টকহ’ম ইণ্টাৰনেচনেল পীচ ৰিছার্চ ইনষ্টিটিউট (এছআইপিআৰআই)ৰ গৱেষণাত এই তথ্য পোহৰলৈ আহিছে৷

লক্ষণীয়ভাৱে এই সময়ছোৱাত আমেৰিকা, ফ্রান্স আৰু জার্মানীৰ অস্ত্র ৰপ্তানি বৃদ্ধি পাইছে যদিও ৰাছিয়া আৰু চীনৰ ৰপ্তানি হ্রাস পাইছে৷ শীতল যুদ্ধৰ অৱসানৰ পিছত বিভিন্ন দেশত অস্ত্র আমদানি–ৰপ্তানি সর্বোচ্চ পর্যায়লৈ গৈছে৷ অৱশ্যে ক’ভিড–১৯ মহামাৰীয়ে এই অস্ত্র বাণিজ্যত প্রতিকূল প্রভাৱ পেলাইছে৷ মধ্য প্রাচ্য হৈছে অস্ত্র আমদানি কৰা বিশ্বৰ অন্যতম অঞ্চল৷ এছ আই পি আৰ আইৰ জ্যেষ্ঠ গৱেষক পিটাৰ ৱেজেমানে উল্লেখ কৰিছে যে ক’ভিড–১৯ মহামাৰী সত্ত্বেও বিগত বর্ষটোত বৃহৎ অস্ত্রৰ বাবে গুৰুত্বপূর্ণ চুক্তিত স্বাক্ষৰ কৰিছে৷

লক্ষণীয়ভাৱে ২০১৬ৰ পৰা ২০২০ৰ ভিতৰত আন্তর্জাতিক ক্ষেত্রত অস্ত্রৰ বিক্রী প্রায় সুস্থিৰ অৱস্থাতে আছে৷ আমেৰিকাৰ প্রায় ৪৭ শতাংশ ৰপ্তানি মধ্য প্রাচ্যৰ দেশবোৰলৈ গৈছে৷ ছৌদি আৰবে অকলেই আমেৰিকাৰ ২৪ শতাংশ অস্ত্র ক্রয় কৰি আহিছে৷

স্মর্তব্য যে বিশ্বৰ ৯৬খন দেশলৈ অস্ত্র বিক্রী কৰি আহিছে আমেৰিকাই৷ ইফালে এছআইপিআৰআইৰ প্রতিবেদন অনুসৰি ২০১১–১৫ আৰু ২০১৬–২০ৰ ভিতৰত ভাৰতৰ অস্ত্রৰ আমদানি ৩৩ শতাংশলৈ হ্রাস পাইছে৷ ৰাছিয়াৰ অস্ত্রৰ ওপৰত অধিক নির্ভৰশীল নহ’বলৈ ভাৰতে অস্ত্রৰ আমদানি হ্রাস কৰা বুলি উল্লেখ কৰা হৈছে সংস্থাটোৰ প্রতিবেদনত৷

You might also like