নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমলা হেৰিছৰ বিজয় কামনাৰে পৈতৃক গাঁৱত প্রার্থনা

নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ মার্কিন ৰাষ্ট্রপতি নির্বাচনত ডেম’ক্রেটিক দলৰ উপ–ৰাষ্ট্রপতি পদৰ প্রার্থী কমলা হেৰিছৰ বিজয় কামনা কৰি তামিলনাডুৰ পুৰণি গাঁৱত প্রার্থনা জনাইছে জনসাধাৰণে৷ কমলা হেৰিছৰ মাতৃৰ পিতৃ তথা ককাকে নেত্রীগৰাকীৰ বিজয় কামনা কৰি পৈতৃক গাঁৱত আয়োজন কৰিছে প্রার্থনা৷ মাতৃপক্ষৰ ককাদেউতাকে এই প্রার্থনা সভাত উপস্থিত লোকসকলক বিনামূলীয়াকৈ ইডলি আৰু ছাম্ভাৰেৰে আপ্যায়নো কৰিছে৷ স্থানীয় এগৰাকী বাসিন্দাই সংবাদ সংস্থা এ এন আইক জনোৱা অনুসৰি কমলা হেৰিছৰ বিজয়ৰ বাবে জনসাধাৰণে আজি পুৱাৰে পৰা প্রার্থনা সভাত অংশগ্রহণ কৰিছে৷ লক্ষণীয়ভাৱে কমলা হেৰিছৰ আলোকচিত্রসম্বলিত পোষ্টাৰো গাঁওখনৰ বিভিন্ন স্থানত ওলমোৱা হৈছে৷ স্মর্তব্য যে প্রাক্ত উপ–ৰাষ্ট্রপতি জ’ বিডেনৰ ডেম’ক্রেটিক পার্টীয়ে এইবাৰ মার্কিন নির্বাচনত সমীক্ষা অনুসৰি অগ্রগতি লাভ কৰি আছে৷

You might also like