নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা পুনৰ মুকলি কার্টাৰপুৰ ক’ৰিডৰ

নিয়মীয়া বাৰ্তা ১৭ নৱেম্বৰঃ  শিখ সম্প্রদায়ৰ তীর্থযাত্রীসকলৰ প্রতি সন্মান প্রদর্শনেৰে কেন্দ্রীয় চৰকাৰে বুধবাৰৰ পৰা পঞ্জাব সীমান্তৰ কার্টাৰপুৰ চাহিব ক’ৰিডৰ মুকলিৰ সিদ্ধান্ত লৈছে৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে  টুইটাৰত শিখ তীর্থযাত্রীসকলৰ বাবে এই সু–খবৰ ঘোষণা কৰে৷ এই সিদ্ধান্তই গুৰু নানক দেৱ আৰু শিখ সম্প্রদায়ৰ প্রতি মোদী চৰকাৰৰ আন্তৰিকতা আৰু সন্মানক প্রতিফলিত কৰে বুলি শ্বাহে উল্লেখ কৰিছে৷ তেওঁ পুনৰ কয় যে মোদী চৰকাৰৰ এই সিদ্ধান্তই শিখ তীর্থযাত্রীসকলক যথেষ্ট উপকৃত কৰিব৷ উল্লেখ্য যে অহা ১৯ নৱেম্বৰত উদ্যাপিত হ’বলগীয়া গুৰু নানক দেৱৰ জন্মবার্ষিকীত প্রকাশ উৎসৱ হিচাপে শিখ সম্প্রদায়ে পালন কৰিবলৈ প্রস্তুতি চলোৱাৰ সময়তে মোদী চৰকাৰে ঘোষণা কৰা এই সিন্ধান্তই দেশবাসীৰ মাজত শান্তি–সম্প্রীতি বৃদ্ধি কৰিব বুলি গৃহমন্ত্রী অমিত শ্বাহে আশা প্রকাশ কৰিছে৷

৪.৭ কিলোমিটাৰ দীঘলীয়া এই ক’ৰিডৰে পাকিস্তানৰ গুৰুদ্বাৰা দৰবাৰ চাহিবক ভাৰত সীমান্তৰ সৈতে সংযুক্ত কৰে৷ ২০১৯ চনৰ নৱেম্বৰত মুকলি হোৱা কার্টাৰপুৰ ক’ৰিডৰ মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ বাবে ২০২০ৰ মার্চৰ পৰা বন্ধ হৈ আছিল৷ যোৱা সপ্তাহত পাকিস্তানে কার্টাৰপুৰ ক’ৰিডৰ মুকলি কৰিবলৈ ভাৰত চৰকাৰক আহ্বান জনাইছিল৷ মোদী চৰকাৰে আজি শিখ ধর্মৰ প্রতিষ্ঠাপক গুৰু নানক দেৱৰ অন্তিম শয়নস্থলী হিচাপে পৰিচিত গুৰুদ্বাৰ চাহিবক সংযুক্ত কৰা কার্টাৰপুৰ ক’ৰিডৰ পুনৰ মুকলি কৰাত শিখ তীর্থযাত্রীসকলে আগন্তুক প্রকাশ উৎসৱত পৱিত্র গুৰুদ্বাৰ চাহিব দর্শন কৰিব পাৰিব৷ পঞ্জাবৰ মুখ্যমন্ত্রী অমৰিন্দৰ সিঙে কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে৷ উল্লেখ্য যে তীর্থযাত্রীসকলে ভিছা অবিহনে গুৰুদ্বাৰ চাহিব দর্শন কৰিব পাৰে৷

You might also like