নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় খাদ্য নিগমত ১,২৪০ পদত চাকৰি

নিয়মীয়া বাৰ্তা ১৭ নৱেম্বৰঃ  কেন্দ্রীয় চৰকাৰৰ অধীনত পৰিচালিত ৰাজহুৱা খণ্ডৰ বৃহত্তম কোম্পানী ভাৰতীয় খাদ্য নিগম(Food Corporation of India)ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি নিগমৰ মুখ্য প্রশাসনিক বিষয়াই প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি,Watchmanৰ মুঠ পদ ১,২৪০টাৰ ভিতৰত অসংৰক্ষিত ৫১৩টা, অ’বিচিৰ ২৮২টা, এছ চিৰ ৩২১টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ বাবে ১২৪টা পদ সংৰক্ষিত থাকিব৷ দিব্যাংগ প্রার্থীৰ বাবে ৪৯টা পদ বিশেষভাৱে সংৰক্ষিত থাকিব৷Watchman পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ২৩,৩০০–৬৪,০০০ টকা৷ আবেদনকাৰী অষ্টম শ্রেণী উত্তীর্ণ হ’ব লাগিব৷ প্রার্থীৰ বয়স ১ ছেপ্ঢেম্বৰ, ২০২১লৈ ১৮–২৫ বছৰ৷ আবেদন মাচুল হিচাপে সাধাৰণ, অ’বিচি/এম’বিচি আৰু আর্থিকভাৱে পিছপৰা শ্রেণীয়ে ২৫০ টকা অনলাইন মাধ্যমেৰে ভাৰতীয় খাদ্য নিগমৰ হকে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এই মাচুল এছ চি/এছ টি আৰু দিব্যাংগ শ্রেণীৰ প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ভাৰতীয় খাদ্য নিগমৰ ৱেবছাইটwww.fci.gov.in & https://fciharyana-watch-ward.in/register & https://fciharyana-watch-ward.in/login & https://fci-punjab-watch-ward.in/register & https://fci-punjab-watch-ward.in/login লগ–ইন কৰিব পাৰিব৷ অনলাইনযোগে আবেদন দাখিল প্রক্রিয়া ২০ অক্টোবৰৰ পৰা আৰম্ভ হৈছে৷ এই প্রক্রিয়া ১৯ নৱেম্বৰ, ২০২১লৈ অব্যাহত থাকিব৷

You might also like