বিশেষ বাৰ্তা, ৩ মেঃ কি কৰে বলীউডৰ এসময়ৰ ছুপাৰষ্টাৰ ধৰ্মেন্দ্ৰৰ দুই জীয়ৰীয়ে? হেমা মালিনী ধৰ্মেন্দ্ৰৰ দ্বিতীয় পত্নী। তেওঁলোকৰ দুই কন্যাৰ ভিতৰত এছা দেউল বলীউডৰে অভিনেত্ৰী। আনহাতে, প্ৰথমা পত্নীৰ ফালৰ পৰা ধৰ্মেন্দ্ৰৰ দুই পুত্ৰৰ লগতে দুগৰাকী জীয়ৰী আছে। পুত্ৰ ছানী দেউল আৰু ববী দেউলক সকলোৱে জানে। পিতৃৰ পদাংক অনুসৰণ কৰি তেওঁলোকেও অভিনয়তে লাগে। কিন্তু দুগৰাকী জীয়ৰীৰ কথা অনুৰাগীয়ে খুব কমেহে শুনিছে। ছানী-ববী দেউলৰ এই দুই ভনীয়েকৰ নাম বিজেতা দেউল আৰু অজিতা দেউল। তেওঁলোকে লাইম লাইটৰ পৰা সদায়ে আঁতৰত থাকি সাধাৰণ জীৱন যাপন কৰি আহিছে। জানিব পৰা মতে,তেওঁলোক দুয়ো খুবেই মেধাবী আৰু ৱৰ্কিং ওমেন। দুয়ো বিবাহ পাতি আমেৰিকাৰ বাসিন্দা হৈছে। বিজেতা ব্যৱসায়িক প্ৰতিষ্ঠান এখনৰ অধ্যক্ষ পদত আছে। ধৰ্মেন্দ্ৰই বিজেতাৰ নামেৰে প্ৰডাকছন হাউছ এটাও খুলি থৈছে। আনগৰাকী জীয়ৰী অজিতা ছান ফ্ৰান্সিকোৰ স্কুল এখনৰ ছাইকোল’জীৰ শিক্ষয়িত্ৰী।
Prev Post