নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰণলীয়া’ৰ প্ৰতিৱেশী হ’ব ৰাহুল-আথিয়া

বিশেষ বাৰ্তা, ৩ মেঃ তাৰকা জুটি কে এল ৰাহুল আৰু আথিয়া শেট্টীৰ বিয়াৰ খবৰ এতিয়া চৰ্চাত। মুম্বাইৰ এটি বিলাসবহুল ফ্লেট ভাৰালৈ লৈছে কে এল ৰাহুল আৰু আথিয়া শেট্টীয়ে। তেওঁলোক থাকিব মুম্বাইৰ পালি হিলত। তাতোকৈ চমকপ্ৰদ কথাটো হ’ল সেই ফ্লেটৰ ওচৰতে থাকে সদ্যবিবাহিত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। অৰ্থাত ‘ৰণলীয়া’ৰ প্ৰতিৱেশী হ’ব ৰাহুল-আথিয়া। অলপতে বিবাহত আৱদ্ধ হোৱা ৰণবীৰ আৰু আলিয়াই মুম্বাইৰ এটি বিলাসবহুল ফ্লেটত একেলগে বসবাস কৰিছে। তেওঁলোকৰ পৰা দুটা ঘৰ পাৰ হ’লেই পোৱা যাব ৰাহুল-আথিয়াৰ ফ্লেট। উল্লেখ্য যে বিয়াৰ পূৰ্বে দুযো লীভ-ইন সম্পৰ্কত থাকিব।

You might also like