নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইৰ ব্ৰীচ কেণ্ডি চিকিৎসালয়ত কিংবদন্তী কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান

ডিজিটেল ডেস্ক, ১২ এপ্ৰিল : ভাৰতীয় সংগীত জগতৰ কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলে আৰু নাই। দেওবাৰে মুম্বাইৰ ব্ৰীচ কেণ্ডি চিকিৎসালয়ত দিনৰ প্ৰায় ১২.৩০ বজাত ৯২ বছৰীয়া সংগীত শিল্পী আশা ভোছলেই শেষ নিশ্বাস ত্যাগ কৰে। হৃদযন্ত্ৰৰ সংক্ৰমণৰ বাবে শনিবাৰে কণ্ঠশিল্পী আশা ভোছলেক মুম্বাইৰ ব্ৰীচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁৰ দেহাৱসানৰ লগে লগে ভাৰতীয় চিনেমা আৰু সংগীত জগতৰ আঠ দশকজোৰা এটা যুগৰ অৱসান ঘটিল ।

আশা ভোছলেৰ জন্ম হৈছিল ১৯৩৩ চনৰ ৮ ছেপ্টেম্বৰত ৷ অতি কম বয়সৰ পৰাই সংগীতৰ যাত্ৰা আৰম্ভ কৰি ১৯৫০ চনৰ পৰা এগৰাকী আগশাৰীৰ নেপথ্য গায়িকা হিচাপে বিশ্বজুৰি খ্যাতি লাভ কৰিছিল । কিংবদন্তি কণ্ঠশিল্পীগৰাকীক ২০০০ চনত দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল। দাদাচাহেব ফাল্কে বঁটা আৰু পদ্মবিভূষণৰ দৰে সন্মানীয় বঁটাৰে বিভূষিত হোৱা আশা ভোছলেৰ নাম ২০১১ চনত গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত বিশ্বৰ সৰ্বাধিক গীত বাণীবদ্ধ কৰা শিল্পী হিচাপে অন্তৰ্ভুক্ত হৈছিল । তেওঁ হিন্দী ভাষাৰ উপৰি ২০টাতকৈ অধিক দেশী-বিদেশী ভাষাত কণ্ঠদান কৰিছে।

কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলেৰ বিয়োগত দেশজুৰি শোকৰ ছাঁ পৰিছে। অনুৰাগীসকলৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে এই মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।

You might also like