নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভাত আজি ৩ বিলৰ ওপৰত ভোটগ্ৰহণ

সংসদৰ তিনিদিনীয়া বিশেষ অধিৱেশনৰ আজি দ্বিতীয় দিনত লোকসভাত মহিলাৰ সংৰক্ষণ আৰু সীমা নিৰ্ধাৰণ (Delimitation) সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তিনিখন বিলৰ ওপৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

২০২৬ চনৰ সংবিধান সংশোধন বিল—যাৰ লক্ষ্য হৈছে মহিলাৰ সংৰক্ষণ ব্যৱস্থা কাৰ্যকৰী কৰা আৰু সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া অধিক সহজ কৰা। উল্লেখ্য যে বৃহস্পতিবাৰে লোকসভাত প্ৰৱৰ্তনৰ অনুমোদন লাভ কৰিছে।

বিৰোধী দলসমূহে ৰেকৰ্ডেড ভোটৰ দাবী তোলাৰ পিছত লোকসভাত ভোট বিভাজনৰ জৰিয়তে বিলখন প্ৰৱৰ্তনৰ অনুমোদন দিয়া হয়। এই বিষয়টোক লৈ সদনত তীব্ৰ আলোচনা হোৱা দেখা যায়।

বৃহস্পতিবাৰে সদনত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় সংসদীয় কাৰ্য মন্ত্ৰী কিৰেণ ৰিজিজুৱে জনায় যে বিলসমূহৰ ওপৰত প্ৰায় ১২ ঘণ্টা ধৰি বিস্তৃত আলোচনা চলিব। তেওঁ লগতে কয় যে অধ্যক্ষৰ প্ৰয়োজন অনুসৰি আলোচনা সময় বৃদ্ধি কৰাৰ ক্ষমতা থাকিব।

আজিৰ দিনটোত মহিলাৰ সংৰক্ষণ আইন সংশোধন কৰাৰ লগতে এটা নতুন সীমা নিৰ্ধাৰণ আয়োগ গঠন কৰাৰ লক্ষ্যৰে তিনিখন বিলৰ ওপৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই বিলসমূহ অনুমোদিত হ’লে আগন্তুক নিৰ্বাচনত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি ধৰা হৈছে।

সংসদৰ এই বিশেষ অধিৱেশনক লৈ দেশজুৰি ৰাজনৈতিক মহলত ব্যাপক আগ্ৰহ দেখা গৈছে, কিয়নো মহিলাৰ সংৰক্ষণ আৰু সীমা নিৰ্ধাৰণ বিষয়টো দেশৰ ৰাজনৈতিক ব্যৱস্থাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

ডিজিটেল ডেস্ক, ১৭ এপ্ৰিল

You might also like