নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ ক’ৰোনাই সকলোৰে জীৱন জীৱিকাত বাৰুকৈ প্ৰভাৱ পেলাইছে। এই মহামাৰীৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক হৈ পৰিছে। সমান্তৰালকৈ চৰকাৰী কাৰ্যালয়সমূহত মাস্ক অবিহনে প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
সেই সময়ত তেলেংগানাৰ এজন পশুপালকে মুখত চৰাইৰ বাহ লৈ চৰকাৰী কাৰ্যালয়লৈ আহিছিল কাৰণ তেওঁৰ ওচৰত মাস্ক কিনিবলৈ টকাৰ অভাৱ ঘটিছিল।
উল্লেখ্য যে তেলেংগানাত মাস্ক পৰিধান নকৰাৰ বাবে ১০০০ টকাৰ জৰিমনা লগোৱা হৈছে।
আনহাতে অতি দৰিদ্ৰ এই লোকজনৰ ছবি পলকতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত সকলোৱে একেমুখে এতিয়া চৰকাৰী কাৰ্যালয়ত দৰিদ্ৰ লোকসকলক বিনামূলীয়া মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰিব লাগে বুলি দাবী জনাইছে।