নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্তৰ অনুৰাগীৰ ৰোষত ছালমান খানৰ ছবি ‘ৰাধে’; টুইটাৰত লিখিলে #Boycott Radhe

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ  ট্ৰেইলাৰ মুকলিৰ ২৪ ঘণ্টাৰ ভিতৰত ছালমান খানৰ ‘ৰাধে’ ছবিখন সোমাই পৰিছে বিতৰ্কত। সুশান্ত সিং ৰাজপুতৰ অনুৰাগীসকলে টুইটাৰত ছবিখন বৰ্জন কৰিবলৈ আহ্বান জনাইছে। টুইটাৰত ট্ৰেণ্ডিং ‘বয়কট ৰাধে’ (#Boycott Radhe) হেচটেগ।

উল্লেখ্য যে ‘ৰাধে’ ১৩ মে’ত মুক্তি পাব। ছবিখন ‘জি প্লেক্স'(Zee Plex) আৰু ‘জি৫’ (ZEE5) ৱেব প্লেটফৰ্মৰ লগতে চিনেমা হলতো মুক্তি পাব। তাৰ পূৰ্বে ছালমান খানে বৃহস্পতিবাৰে পুৱা ১১ বজাত ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰিছিল। এই প্ৰতিবেদন লিখাৰ সময়লৈকে ৬৮ লাখতকৈও অধিক লোকে ইউটিউবত ট্ৰেইলাৰটো চাইছে বিপৰীতে প্ৰায় ৪০ লাখ মানুহে ইয়াক অপছন্দ কৰিছে।

You might also like