নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যপ্ৰাচ্যৰ সংকট : আজি দেশৰ মুখ্যমন্ত্ৰীসকলৰে জৰুৰী বৈঠক মোদীৰ

ডিজিটেল ডেস্ক, ২৭ মার্চ : পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিয়ে এমাহত ভৰি দিবলৈ ওলাইছে৷ তৈল ধমনী খ্যাত হৰমুজ প্রণালী ইৰানে বন্ধ কৰি দিয়াত ভাৰতত ইন্ধনৰ সংকটৰ আশংকা ঘনীভূত হৈ পৰিছে৷ ইৰানৰ সংঘাতৰ ফলত উদ্ভৱ হোৱা সংকট দীৰ্ঘদিনীয়া হ’ব পাৰে বুলি কৈ আহিছে প্ৰধানমন্ত্ৰী মোদীয়ে ।

এনে পৰিস্থিতিত কোনখন ৰাজ্যত তেল আৰু গেছৰ মজুত কিমান আছে তাক চালিজাৰি চোৱাৰ বাবে দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্রীক লৈ এখন জৰুৰী বৈঠক আহ্বান কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ শুকুৰবাৰে সন্ধিয়া ৬ বজাত ভিডিঅ’ কনফাৰেঞ্চযোগে মুখ্যমন্ত্রীসকলৰ সৈতে আলোচনাত মিলিত হ’ব তেওঁ৷ অৱশ্যে নিৰ্বাচনমুখী ৰাজ্য তামিলনাডু, পশ্চিমবংগ, অসম, কেৰেলা আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ মুখ্যমন্ত্ৰীসকল এই বৈঠকত উপস্থিত নাথাকে।  বৃহস্পতিবাৰে এই কথা প্রকাশ কৰিছে প্রধানমন্ত্রীৰ কার্যালয়ে৷

অসমকে ধৰি নির্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচখন ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ সলনি এই বৈঠকত মুখ্য সচিবসকলে যোগদান কৰিব বুলি জানিব পৰা গৈছে৷ চলিত সপ্তাহৰ আৰম্ভণিতে সংসদৰ উভয় সদনত বিবৃতি দি প্রধানমন্ত্রী মোদীয়ে দাবী কৰিছিল যে এতিয়াই দেশত ইন্ধনৰ সংকট হোৱা নাই, তথাপি সতর্কতা অৱলম্বন কৰা হৈছে৷

জানিব পৰা মতে, প্ৰধানমন্ত্ৰীয়ে শুকুৰবাৰে সন্ধিয়া ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হৈ সংকটৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যসমূহৰ প্ৰস্তুতি আৰু পৰিকল্পনা পৰ্যালোচনা কৰিব।

You might also like