নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ৰাজনৈতিক সততা আৰু শঠতা

দেশৰ চাৰিখন ৰাজ্য আৰু এখন কেন্দ্রীয়শাসিত অঞ্চলত এতিয়া নির্বাচনী বতৰ৷ এই চাৰিখন ৰাজ্যৰ ভিতৰতে এখন হিচাপে অসমতো এতিয়া ৰাজনৈতিক দলসমূহৰ মাজত নির্বাচনী তৎপৰতা তুংগত৷ দেশৰ সাংবিধানিক দস্তুৰ অনুসৰি প্রতি পাঁচ বছৰৰ মূৰে মূৰে অনুষ্ঠিত নির্বাচনসমূহ দলীয় নেতা–কৰ্মী আৰু সমর্থকসকলৰ বাবে এক ৰাজনৈতিক উৎসৱ৷ স্বাভাৱিকতেই উৎসৱ মানেই বিপুল আনন্দ আৰু উল্লাস৷ নির্বাচনটোও তাৰ ব্যতিক্রম নহয়৷ উঠি-পৰি লাগিছে প্রতিটো দলৰেই নেতা–কৰ্মী তথা সমর্থকসকল৷ লক্ষণীয় যে নির্বাচনী প্রতিদ্বন্দ্বিতাৰ এই পৰিস্থিতিক ইংৰাজী, হিন্দী আদি বিভিন্ন ভাষাত ‘নির্বাচনী যুঁজ’ বুলি কোৱা হয় যদিও অসমীয়া ভাষাত পিছে ‘নির্বাচন খেলা’ বুলিহে কোৱা হয়৷ খেল অভিধাটোৱে এক সৌহার্দ্যময় প্রতিদ্বন্দ্বিতাকহে বুজায়৷ খেল এখনত দুয়োপক্ষৰ মাজত তীব্র আক্রমণ–প্রত্যাক্রমণ চলিলেও তাত নাথাকে কোনো হিংস্রতা বা অসূয়া৷ দুয়োপক্ষই নিজকে জিকোৱাৰ তাড়নাত পৰস্পৰৰ মুখামুখি হয় যদিও অন্তৰ্লীন প্রীতি অক্ষুণ্ণ থাকে৷ অসমীয়া ভাষাত নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাক ‘নির্বাচন খেলা’ বুলি কোৱাৰ জৰিয়তে এই অন্তৰ্লীন প্রীতিৰ আকুলতাকে প্রকট কৰা হয়৷ এসময়ত অসমত এই মনোভাবেৰেই নির্বাচন খেলিছিল বিভিন্ন দলে৷ প্রতিটো দলৰ প্রাৰ্থীয়ে তেওঁৰ প্রতিদ্বন্দ্বী প্রাৰ্থীগৰাকীক সন্মানৰ চকুৰে চাইছিল৷ দলগতভাৱেও কোনো দলৰেই মাজত বিদ্বেষ নাছিল৷ পিছে সেই পৰিস্থিতি আজি আৰু নাই৷ ভাৰতৰ বাকী অংশত যিদৰে নির্বাচনী হিংসা সংঘটিত হোৱা দেখিবলৈ পোৱাটো এটা সাধাৰণ কথাৰ দৰেই, তেনেদৰে অসমতো যেন তেনে প্রৱণতা এটাৰেই উকমুকনি দেখিবলৈ পোৱা গৈছে৷

অৱশ্যে ভাৰতৰ আন কোনো কোনো প্রান্তত হোৱাৰ দৰে হিংস্রতাৰ পৰিৱেশ এতিয়াও অসমত সৃষ্টি হোৱা নাই৷ ইয়াৰ মূলতেই হ’ল পূর্বৰ সেই সহনশীলতা বা শ্রদ্ধাশীলতাৰ পৰম্পৰাগত প্রভাৱ৷ কিন্তু তাৰ মাজতো এই নির্বাচনী বতৰত বিক্ষিপ্ত ঘটনা কিছুমান ঘটাটোকো কোনো কাৰণতেই নুই কৰিব নোৱাৰি নিশ্চয়৷ এনে অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হয় ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ নির্বাচনী প্রার্থী ঘোষণা কৰাৰ সময়ৰে পৰাই৷ নির্বাচন এটাত একেটা দলতে একেটা সমষ্টিৰ বাবে প্রার্থিত্বপ্রত্যাশী স্বাভাৱিকতেই একাধিক হ’ব পাৰে, কিন্তু তাত দলটোৰ বাবে বাধ্যবাধকতা থাকে যে তেওঁলোকে কেৱল এজন প্রাৰ্থীকহে দলীয় প্রতিদ্বন্দ্বিতাৰ বাবে বাছনি কৰিব পাৰে৷ তেনেক্ষেত্রত আনকেইজন প্রার্থিত্বপ্রত্যাশী বঞ্চিত হোৱাত অস্বাভাৱিকতা একো নাই৷ কিন্তু দেখা যায় যে প্রার্থিত্বপ্রত্যাশীসকলৰ মাজৰ একাংশই প্রার্থিত্ব নোপোৱাৰ ক্ষোভ উজাৰি আৰম্ভ কৰে দলীয় নেতৃত্বৰ প্রতি বিষোদ্গাৰ৷ বহুক্ষেত্রত এই বিষোদ্গাৰে শালীনতাৰ পৰিধিও চেৰাই যোৱা পৰিলক্ষিত হয়৷ ‘আপোনাৰ নাক কাটি সতিনীৰ যাত্রা ভংগ কৰা’ৰ দৰে এনে উখনা–উখনিয়ে পৰিৱেশ–পৰিস্থিতি অস্বস্তিকৰ কৰি তোলে৷ এইবোৰ দেখি–শুনি বহুতৰে মনত ৰাজনীতিৰ প্রতিয়েই বিৰূপ মনোভাবৰ সৃষ্টি হয়৷ দেখাত এনে লাগে যেন এওঁলোকৰ প্রতিগৰাকীয়েই দেশৰ–দহৰ সেৱা কৰিবলৈ উদ্গ্রীৱ৷ পিছে তেওঁলোকৰ ধাৰণাত যেন দেশৰ–দহৰ সেৱা কৰিবলৈ একমাত্র পথ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা আৰু নির্বাচিত হৈ মন্ত্রী–বিধায়ক হোৱাহে৷ কিন্তু প্রার্থিত্বৰ পৰা বঞ্চিত হ’লে মন্ত্রী–বিধায়ক হোৱাৰ পথ সেইবাৰলৈ ৰুদ্ধ হৈ পৰাত যেন ‘সেৱাৰ মনোভাব’তো পানী পৰে৷ তাৰ পিছতেই ক্ষুণ্ণ হৈ নিজৰ দলীয় নেতৃত্বৰ বিৰুদ্ধে আৰম্ভ হয় বোকা ছটিওৱাৰ লেতেৰা ৰাজনীতি৷ আনকি দলীয় কার্যালয় লণ্ডভণ্ড কৰাৰ দৰে ঘটনাও সংঘটিত হোৱা দেখিবলৈ পোৱা যায়৷

খেনোৱে তাৎক্ষণিকভাৱে সলনি কৰে দল৷ সাপে মোট সলোৱাৰ দৰে পৰিৱর্তন হয় নীতি–আদর্শৰো৷ এনে লাগে যেন তেওঁলোকৰ বাবে নীতি–আদর্শ নিজৰ গাত পিন্ধা একোটা চোলাহে, বেয়া লাগিলেই আঁতৰাই নতুন এটা পিন্ধি ল’ব পাৰি৷ সেইবাবেই হয়তো কবিয়েও কৈ গৈছে– ‘মন্ত্রিত্ব যাৰ শেষ কল্পনা, এছেম্বলী যাৰ আশা’৷ বিধায়িনী ক্ষমতা অবিহনে দেশৰ–দহৰ সেৱা কৰিব নোৱাৰিব বুলি নির্বাচন খেলিবলৈ ইমান উদ্বাউল হৈ পৰাৰ আঁৰৰ আচল কাৰণো নিশ্চয় এনেকুৱাই৷ অতিকমেও এটা হ’লেও কার্যকাল সম্পূর্ণ কৰাৰ পিছত একোগৰাকী জনপ্রতিনিধিৰ ধন–সম্পত্তিৰ যি পাহাৰ সৃষ্টি হোৱা দেখা যায় তেওঁলোকে নিজেই আনুষ্ঠানিকভাৱে দাখিল কৰা তথ্যত, সি কি অদৃশ্য যাদুদণ্ডৰ প্রভাৱত সম্ভৱ হয় সেয়াও নিশ্চয় চিন্তনীয়৷ সি যি নহওক, এনেক্ষেত্রত নিশ্চয়কৈ লক্ষণীয় দিশটো হ’ল দল আৰু প্রাৰ্থীৰ  সততা৷ দলসমূহৰ মাজত প্রতিগৰাকী নেতা–কৰ্মীকে  এনে শিক্ষা প্রদানৰ দিহা কৰিব লাগে, যাতে তেওঁলোকে সংকীর্ণ স্বার্থৰ ঊৰ্ধ্বত দলীয় বাধ্যবাধকতাবোৰ বুজিব পাৰে আৰু দেশৰ–দহৰ সেৱাৰ পৱিত্রতা ৰক্ষা কৰাটোক আগস্থান দিব পাৰে৷ এনে কৰিলে ৰাজনৈতিক দলসমূহত সেৱাৰ মনোভাবেৰে উজলি উঠা নতুন নতুন প্রাৰ্থী বিচাৰি উলিয়াবলৈ সহজ হ’ব৷ ফলত একেখিনি লোকেই নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি বাৰে বাৰে ‘ৰাজভোগ খাই’ থকাৰো মুদা মৰিব৷ তাৰ বাবে দলসমূহে একোখন নিৰীক্ষণ সমিতিও গঠন কৰিব পাৰে প্রাৰ্থী  বাছনিৰ বাবে৷ নির্বাচনৰ আগত হুৰমূৰকৈ প্রাৰ্থী বাছনিৰ বাবে হেতা–ওপৰা লগোৱাতকৈ এক সুস্থিৰ প্রক্রিয়াৰে দীর্ঘদিনীয়া নিৰীক্ষণৰ ভিত্তিত প্রাৰ্থী বাছনি কৰিলে এনে অসন্তোষৰ সুৰুঙা বহু পৰিমাণে মৰি যাব পাৰে৷ অৱশ্যে বাছনি প্রক্রিয়াত যাতে কোনো খুঁত উলিওৱাৰ সুযোগ নাথাকে, তাৰ প্রতিও দলীয় নেতৃত্বই নজৰ দিব লাগিব৷ তেনে কৰিব পাৰিলে নাগৰিকৰ মনতো এটা আস্থাৰ অৱকাশ সৃষ্টি হ’ব পাৰে৷

এতিয়া সময় সলনি হৈছে৷ মানুহ শিক্ষিত হৈছে৷ ৰাজনৈতিকভাৱে সচেতন হৈছে৷ আগৰ দৰে ধনবল–বাহুবল দেখুৱাই নির্বাচনত জিকাটো সহজ হৈ থকা নাই৷ এতিয়া দলৰ নীতি–আদর্শ আৰু কাম–কাজ মানুহে সচেতনতাৰে নিৰীক্ষণ কৰে৷ যিটো দলৰ এক বহল দৃষ্টিভংগী আছে আৰু বৃহত্তৰ স্বার্থৰ খাতিৰত কাম কৰাৰ মন আৰু সামর্থ্য আছে, ৰাইজেও তেনে দলকেই বাছনি কৰিব৷ দল আৰু প্রার্থীৰ সততাই সংসদীয় গণতন্ত্রৰ ভেটি মজবুত কৰিব পাৰে৷ কিন্তু শঠতাই তাত কেৰোণ লগাবহে পাৰে৷ পিছে এনেও নহয় যে নির্বাচনী বতৰটো কেৱল অবাঞ্ছিত পৰিৱেশ আৰু পৰিস্থিতিৰেই সমাহাৰ৷ তাৰ মাজতো একাংশ প্রাৰ্থীয়ে শালীনতা আৰু সংযম প্রদর্শন কৰি ‘নির্বাচনী যুঁজ’ত অৱতীর্ণ হৈছে৷ সুৰুচিপূর্ণ কথা-বতৰাই প্রতিদ্বন্দ্বিতাৰ মাজতো সৌহার্দ্যপূর্ণ পৰিৱেশ অটুট ৰাখিবলৈ চেষ্টা কৰিছে৷ এনেবোৰ ক্ষেত্রতেই এই নির্বাচনটো যে এখন ‘যুঁজ’ নহৈ ই এক প্রীতি ‘খেল’ৰ ৰূপো ল’ব পাৰে, সেয়া প্রকট হৈ পৰে৷ সেইবাবেই ক’ব পাৰি সকলো প্রকাৰৰ শঠতা এৰি সততাৰে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি ৰাজনৈতিক দল তথা প্রাৰ্থীসকলে নিজকে নিষ্ঠাৱান সেৱক হিচাপে প্রতিষ্ঠা কৰিব পাৰে আৰু একোগৰাকী দায়বদ্ধ নাগৰিক হিচাপে ভোটাৰসকলেও গণতন্ত্রৰ সুস্থতাৰ স্বার্থত নিজৰ বিবেচনা শক্তিক প্রাধান্য দি এই উৎসৱত ভাগ ল’ব পাৰে৷ সেইবাবেই এই নির্বাচনটোক ‘যুঁজ’ হিচাপে নলৈ ‘খেল’ হিচাপে ল’ব পাৰিলেহে দেহৰ–দহৰ মংগল হ’ব৷

You might also like