নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰেন্দ্র মোদী স্বাধীন ভাৰতৰ সবাতোকৈ সফল প্রধানমন্ত্রীঃ শ্বাহ

নিয়মীয়া বাৰ্তা ২৮ অক্টোবৰঃ অতি ধৈর্যৰে জনতাই সিদ্ধান্ত লৈ ভোট দি বিজেপিক ক্ষমতালৈ আনিছে৷ ৩০ বছৰৰ পাছত প্রথমবাৰৰ বাবে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপিক ক্ষমতালৈ অনাৰ পাছত ২০১৪ চনত প্রধানমন্ত্রী মোদীয়ে দেশক ৰামৰাজ্য হিচাপে গঢ়ি তোলে৷স্বাধীন ভাৰতৰ সবাতোকৈ সফল প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ –এই মন্তব্য কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ৷ ‘চৰকাৰৰ মুৰব্বী হিচাপে নৰেন্দ্র মোদীৰ দুই দশকৰ পর্যালোচনা’ বিষয়ক লৈ আয়োজিত অনুষ্ঠানত অংশ লৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই মন্তব্যৰে শতিকা পুৰণি কংগ্রেছ দলক কটাক্ষ কৰে৷

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জন্মদিন আৰু গুজৰাট–কেন্দ্রত চৰকাৰৰ মুৰব্বী হিচাপে ২০ বছৰ উপলক্ষে আয়োজিত কার্যসূচীত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কয়– ১৯৬০ চনৰ পাছৰে পৰা ২০১৪ চনলৈকে দেশৰ জনতাই প্রশ্ণ উত্থাপন কৰিছিল৷ বহুদলীয় ব্যৱস্থাই কাম কৰিবনে৷ ২০১৪ত দেশৰ জনতাই অতি ধৈর্যৰে বিজেপিক নির্বাচন কৰিলে আৰু নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে প্রথমবাৰৰ বাবে অকংগ্রেছী চৰকাৰক ক্ষমতাত বহুৱালে৷ প্রধানমন্ত্রী মোদীয়ে অতি বিনম্রতাৰে নিজকে প্রধান সেৱক হিচাপে মানি আহিছে৷ কিন্তু মই কওঁ– তেওঁ স্বাধীন ভাৰতৰ সবাতোকৈ সফল প্রধানমন্ত্রী৷ সমগ্র দেশে প্রধানমন্ত্রী মোদীৰ বিষয়ে অৱগত বুলি উল্লেখ কৰি গৃহমন্ত্রী শ্বাহে মোদীৰ সাংগঠনিক দক্ষতাক ভূয়সী প্রশংসা কৰে৷

প্রধানমন্ত্রী মোদীয়ে পৃথক দৃষ্টিভংগীৰে দেশৰ দৰিদ্রতা নির্মূলৰ পদক্ষেপ গ্রহণ কৰাৰ লগতে আর্থিক বিকাশ, ৰাষ্ট্রীয় সুৰক্ষা আৰু বিদেশ নীতিকো সঠিক দিশেৰে আগবঢ়াই নিছে বুলি কয় শ্বাহে৷ প্রধানমন্ত্রী মোদী সন্দর্ভত শ্বাহে কয়– মই মোদীজীৰ সাংগঠনিক দক্ষতাৰ বিষয়ে অধিক ক’ব নিবিচাৰোঁ৷ কিন্তু ২০০১ চনত দলে গুজৰাটত মুখ্যমন্ত্রী হিচাপে মোদীক দায়িত্ব দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ যদিওবা মোদীয়ে ইয়াৰ পূর্বে পঞ্চায়ত নির্বাচনতো অংশ লোৱা নাছিল৷ স্নাতকোত্তৰ ডিগ্রীধাৰী মোদী অনভিজ্ঞ আছিল৷ যেতিয়া তেওঁ গুজৰাটৰ মুখ্যমন্ত্রী হৈছিল, তেতিয়া ৰাজ্যখনৰ পৰিস্থিতি ভাল নাছিল৷ জনতাৰ বিশ্বাস হোৱা নাছিল যে মোদীজীয়ে মুখ্যমন্ত্রী হিচাপে সফল হ’ব৷ কিন্তু সঠিক সংস্কাৰেৰে পৰিস্থিতি সলনি কৰিছিল

You might also like