নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলাক্ষেত্রৰ শিশু উদ্যানৰ বিধ্বস্ত ৰূপ–নির্লিপ্ত কর্তৃপক্ষ

তদাৰক–মেৰামতিৰ অভাৱত জহি–খহি গৈছে কণমানিয়ে ওমলা বহু সামগ্রী

নিয়মীয়া বাৰ্তা ২৮ অক্টোবৰঃ ক’ৰোনাকেন্দ্রিক পৰিস্থিতিৰ বাবে বিগত প্রায় দুবছৰ ধৰি বন্ধ ৰখা মহানগৰীৰ পার্ক আৰু পর্যটন স্থানসমূহ দর্শনার্থীৰ বাবে পুনৰ মুকলি কৰা হৈছে৷ ক’ভিড পৰিস্থিতি ক্রমাৎ উন্নত হোৱাত প্রশাসনে এইসমূহ পুনৰ দর্শনার্থীৰ বাবে মুকলি কৰি নির্দিষ্ট নীতি–নিয়মৰ মাজত পৰিচালনা কৰিবলৈ বিভাগীয় কর্তৃপক্ষক নির্দেশ দিছে৷ দীর্ঘদিনৰ বিৰতিৰ পিছত দর্শনার্থীৰ বাবে পুনৰ মুকলি কৰাত পর্যটনস্থলীসমূহ শ শ দর্শনার্থীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে৷ মহানগৰীৰ অন্যান্য পর্যটন ক্ষেত্রৰ লগতে পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রতো দর্শনার্থীসকলে ভিৰ কৰা দেখা গৈছে যদিও কলাক্ষেত্র পৰিচালনা সমিতিয়ে দর্শনার্থীৰ মনৰ খোৰাক যোগাব পৰা নাই৷ কিয়নো ক’ভিড পৰিস্থিতিৰ বাবে দীর্ঘদিন ধৰি বন্ধ থকা কলাক্ষেত্রৰ অধিকাংশ সামগ্রী জহি–খহি কণমানিয়ে ওমলাবহু সামগ্রী৷ বিশেষকৈ কলাক্ষেত্র কর্তৃপক্ষৰ হেমাহি তথা দায়িত্বহীনতাত এতিয়া সম্পূর্ণৰূপে বিধ্বস্ত হৈ পৰিছে শিশু উদ্যান৷

দীর্ঘদিনে ঘৰত আবদ্ধ হৈ থকা শিশু তথা অভিভাৱকে সাময়িক জিৰণি বিচাৰি আৰু খেলা–ধূলাৰ বাবে উদ্যানলৈ যাব বিচাৰে যদিও কলাক্ষেত্রৰ বিধ্বস্ত ৰূপে হতাশ কৰি তুলিছে শিশু তথা অভিভাৱকসকলক৷ শিশু উদ্যানৰ প্রতিবিধ খেলনা সামগ্রীয়ে ভাঙি–ছিঙি বিধ্বস্ত ৰূপ লৈছে৷ আনকি টয় ড্রেইনকে ধৰি সকলো সমগ্রীয়ে বিধ্বস্ত হৈ পৰিছে৷ শিশুৰ খেলিবলৈ কোনো এবিধ সামগ্রীয়ে উপযোগী নহয়৷ ইয়াৰ বিপৰীতে প্রাপ্তবয়স্কৰ পৰা ৩০ আৰু ৫ৰ পৰা ১০ বছৰ শিশুলৈ ১০ টকাকৈ সংগ্রহ কৰি আহিছে কলাক্ষেত্র কর্তৃপক্ষই৷ কেৱল খেলনা সামগ্রীয়ে নহয়, বিকল হৈ পৰি আছে পানীৰ ফোঁৱাৰা, বিজুলী–বাতিকে ধৰি ভিন্ন সামগ্রী৷ এইক্ষেত্রত মহানগৰবাসীৰ লগতে দূৰ–দূৰণিৰ পৰা অহা লোকসকলে এনে বিধ্বস্ত ৰূপত ক্ষোভ প্রকাশ কৰিছে৷ মুকলিৰ পূর্বে কিয় বিধ্বস্ত সামগ্রীসমূহ মেৰামতিৰ সন্দর্ভত বিভাগীয় কর্তৃপক্ষই নির্লিপ্ত বুলিও দর্শনার্থীসকলে অভিযোগ উত্থাপন কৰিছে৷ উল্লেখ্য যে দীর্ঘদিনে ঘৰত আবদ্ধ হৈ থকা শিশু তথা অভিভাৱকসকলে মুকলি ঠাইৰ বাবে ব্যাপক হাৰত কলাক্ষেত্রত ভিৰ কৰিছে যদিও কলাক্ষেত্রৰ এনে ৰূপে ক্ষুব্ধ কৰি তুলিছে৷ এইক্ষেত্রত কলাক্ষেত্র কর্তৃপক্ষ তথা চৰকাৰ–প্রশাসনক শীঘ্রে ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী দর্শনার্থীসকলে৷ ইপিনে অসম ৰাজ্যিক চিৰিয়াখানাতো দর্শনার্থীসকলে নানা সমস্যাৰ সন্মুখীন হৈছে৷

You might also like