নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেনা-ৰ নিখুঁত–সফল অভিযান দেশবাসীৰ বাবে গৌৰৱৰ ক্ষণ

🔹 মঙলবাৰে গোটেই নিশা ‘অপাৰেচন সিন্দূৰ’ নিৰীক্ষণ কৰিছিল মোদীয়ে

নিউজ ডেস্ক, ৮ মে’ : সেনা-ৰ নিখুঁত–সফল অভিযান দেশবাসীৰ বাবে গৌৰৱৰ ক্ষণ। এই কথা জনায় প্ৰধানমন্ত্ৰী মোদীয়ে। পেহেলগামৰ আক্রমণকাৰীক সমূলঞ্চে নির্মূল কৰাৰ অভিযান সিন্দূৰ সন্দর্ভত ৰাষ্ট্রপতি দ্রৌপদী মুর্মুক বিতং ব্যাখ্যা আগবঢ়ায় প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ মঙলবাৰে মাজনিশা তিনি সেনাই যৌথভাৱে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্রাসবাদীৰ ঘাটি আৰু শিবিৰত বিমানেৰে চলোৱা সফল অভিযান সিন্দূূৰৰ বিষয়ে কালি পুৱা ৰাষ্ট্রপতি ভৱনত ৰাষ্ট্রপতি মুর্মুক সাক্ষাৎ কৰি প্রধানমন্ত্রী মোদীয়ে ভাৰতীয় সেনাৰ সফলতাৰ বিষয়ে অৱগত কৰে৷ উল্লেখ্য যে যোৱা ২২ এপ্রিলত জম্মু–কাশ্মীৰৰ পেহেলগামত পাকিস্তানী সন্ত্রাসবাদীয়ে চলোৱা নৰসংহাৰৰ প্রতিশোধ হিচাপে বুধবাৰে নিষিদ্ধ সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবা, জইছ–ই–মহম্মদ আৰু হিজবুল মুজাহিদীনৰ ঘাটিত মিছাইলেৰে আক্রমণ কৰি বিধ্বস্ত কৰে৷ এই সন্দর্ভত কালি পুৱা প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্রপতিগৰাকীক সবিশেষ অৱগত কৰে৷ ইপিনে, কালি কেন্দ্রীয় কেবিনেটতো প্রধানমন্ত্রী মোদীয়ে অপাৰেচন সিন্দূৰৰ সফলতা সন্দর্ভত ব্যাখ্যা আগবঢ়ায়৷ কেন্দ্রীয় কেবিনেটত প্রধানমন্ত্রী মোদীয়ে পাকিস্তান আৰু পিঅ’কেৰ সন্ত্রাসবাদীৰ ঘাটিত সেনাই নির্ভুল অভিযান চলাইছিল বুলি উল্লেখ কৰি সেনাৰ এই সফলতাক দেশবাসীৰ বাবে গৌৰৱৰ ক্ষণ বুলি অভিহিত কৰে৷ মন কৰিবলগীয়া যে প্রধানমন্ত্রী মোদীয়ে অপাৰেচন সিন্দূৰ গোটেই নিশা নিৰীক্ষণ কৰিছিল৷ সেই সফল অভিযানৰ পাছত কেন্দ্রীয় কেবিনেটত অভিযান সম্পর্কত প্রধানমন্ত্রী মোদীয়ে কয় যে ভাৰতীয় সেনাই পৰিকল্পিত প্রস্তুতিৰে নির্ভুল অভিযান সামৰিছে৷ ভাৰতীয় সেনাৰ এই সফলতাক প্রধানমন্ত্রীয়ে ভূয়সী প্রশংসাও কৰে৷ স্থল–জল আৰু বায়ুসেনাই যৌথভাৱে এই অভিযান চলাইছে৷ প্রধানমন্ত্রী মোদীয়ে অভিযান সন্দর্ভত ব্যাখ্যা আগবঢ়োৱাৰ পাছত কেন্দ্রীয় কেবিনেট মন্ত্রীসকলে প্রধানমন্ত্রী মোদীৰ নেতৃত্বৰ ওপৰত পূর্ণ আস্থা আছে বুলি মন্তব্য কৰে৷ সমগ্র দেশেই প্রধানমন্ত্রী মোদীৰ সৈতে আছে বুলিও কয় কেবিনেট মন্ত্রীসকলে৷

You might also like