নিয়মীয়া বাৰ্তা, ১৩ মে’ : লকডাউনৰ বাবে মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাই, পুণে, ঠাণে, বিৰাৰ, নৱী মুম্বাইত বহুসংখ্যক প্ৰৱাসী শ্ৰমিক আবদ্ধ হৈ পৰিছিল । চৰকাৰৰ দ্বাৰা এই শ্ৰমিকসকলক নিজ ঘৰলৈ উভতাই নিয়াৰ বাবে বিশেষ ৰে’লৰ সুবিধা কৰিছে । কিন্তু ইয়াৰ পাছতো কিছুসংখ্যক শ্ৰমিকে খোজকাঢ়ি অথবা নিজৰ বাহেনেৰে নিজ ঘৰলৈ, ৰাজ্যলৈ উভতিছে ।
এই চহৰসমূহৰ পৰা প্ৰায় ১ লাখতকৈ অধিক অ’টো চালকে নিজৰ ২০০ চি চি ক্ষমতা সম্পন্ন সৰু অ’টোখনেৰেই ১৫০০ ৰ পৰা ২০০০ কিলোমিটাৰ দূৰত্ব নিৰ্ণয় কৰি গৃহমুখী হৈছে । য’ত এখন অ’টোত কমপক্ষেও ৩ বা ৪ জন প্ৰৱাসী শ্ৰমিক আহিছে ।
তেওঁলোকৰ মতে, লকডাউন আৰম্ভ হোৱা ২ মাহ অতিক্ৰম কৰিছে এতিয়া আৰু তেওঁলোকে অপেক্ষা কৰিব নোৱাৰে । লগতে তেওঁলোকৰ লগত বৰ্তমান খাবলৈও টকা শেষ হ’ব ধৰিছে । যাৰ বাবে তেওঁলোকৰ একমাত্ৰ উপাৰ্জনকাৰী অ’টোখনেৰেই গৃহমুখী হ’বলৈ বাধ্য হৈছে ।
উল্লেখ্য যে এইসকল অ’টোৱালা প্ৰায়সংখ্যকেই উত্তৰ প্ৰদেশ, বিহাৰ অথবা ঝাৰখণ্ডৰ বাসিন্দা ।
ইফালে অ’টো চালকসকলে জনায় যে, এই সমগ্ৰ দূৰত্বক অতিক্ৰম কৰিবলৈ ৭ ৰ পৰা ৮ হাজাৰ টকাৰ পেট্ৰ’ল খৰছ হ’ব । লগতে তেওঁলোকে এদিনত ৩০০ বা ৪০০ কিলোমিটাৰ দূৰত্ব যাব পাৰিব ।