নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ‌, মাত্র ৮ দিনত ৩,৬০০ কিঃমিঃ পথ চাইকেল চলাই অভিলেখ তৰুণৰ

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ অহা ডিচেম্বৰ মাহত সম্পূৰ্ণ হ’ব ১৮ বছৰ। কিন্তু তাৰ পূৰ্বেই কৰিলে এক অসাধ্য সাধন। কাশ্মীৰৰ পৰা কন্যাকুমাৰালৈ–অর্থাৎ ভাৰতৰ উত্তৰৰ পৰা দক্ষিণ পর্যন্ত পথ চাইকেলেৰে সম্পূৰ্ণ কৰিলে মহাৰাষ্ট্রৰ নাছিকৰ বাসিন্দা ওম মহাজনে।

নানা প্রতিকূলতাৰ মাজেৰে মুঠ ৩৬০০ কিলোমিটাৰ পথ ৮ দিনত অতিক্রম কৰিলে এই তৰুণ চাইক্লিষ্টগৰাকীয়ে।লগতে সকলোতকৈ কম সময়তে ইমান দূৰ পথ অতিক্রম কৰাৰ ৰেকর্ডো গঢ়ি তুলে।

এই প্রসংগত ওমে কয়, ‘‌‘‌মই বহুদিন ধৰি চাইকেল চলাই আছোঁ। বিগত কিছুদিন ধৰি আমেৰিকাত অনুষ্ঠিত হ’বলগীয়ে চাইক্লিষ্ট প্ৰতিযোগিতা, RAAM–ৰ বাবে প্রস্তুতি চলাই আছিলোঁ। তেতিয়াই মোৰ মনলৈ এই কাশ্মীৰৰ পৰা কন্যাকুমাৰী পর্যন্ত চাইকেল চলোৱাৰ বিষয়টো আহে।’‌’‌

You might also like