নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল’বলৈ আজিৰ সকলো অনুষ্ঠান বাতিল মুখ্যমন্ত্ৰী সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমশ অসুস্থ হৈ গৈ আছে। সম্প্রতি সংকটজনক অৱস্থাতেই আছে প্রাক্তন মুখ্যমন্ত্রী তথা বর্ষীয়ান ৰাজনীতিবিদগৰাকীৰ স্বাস্থ্য৷

আজি পুৱা গগৈৰ স্বাস্থ্য খুবেই সংকটজনক বুলি জানিবলৈ দিয়ে জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শর্মাই৷

লগতে পঢ়কঃ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ‌, মাত্র ৮ দিনত ৩,৬০০ কিঃমিঃ পথ চাইকেল চলাই অভিলেখ তৰুণৰ

ইপিনে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ ল’বলৈ ডিব্ৰুগড়ৰ পৰা বিশেষ বিমানেৰে গুৱাহাটীলৈ উভতিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

এক টুইটযোগে মুখ্যমন্ত্ৰী সোণোৱালে লিখিছে, “মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী, মোৰ পিতৃসম তৰুণ গগৈ ডাঙৰীয়াৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত তেখেতৰ লগতে পৰিয়ালৰ কাষত উপস্থিত থকাৰ বাবে আজিৰ সকলো পৰৱৰ্তী অনুষ্ঠান বাতিল কৰি ডিব্ৰুগড়ৰপৰা গুৱাহাটীলৈ উভতি আহি আছোঁ। অজস্ৰ গুণমুগ্ধৰ সৈতে ময়ো শ্ৰদ্ধাৰ গগৈ ডাঙৰীয়াৰ আৰোগ্য কামনা কৰিছোঁ।”

You might also like