নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাওবাদীৰ আক্রমণ: ছত্তিশগড়ত নিৰাপত্তা বাহিনীৰ ৬ জোৱান শ্বহীদ

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল: মাওবাদীৰ বিৰুদ্ধে অভিযানকাৰী নিৰাপত্তা বাহিনীৰ দল এটাৰ ওপৰত আজি নিষিদ্ধ মাওবাদীয়ে ভয়াৱহ আক্রমণ চলোৱাত ৬ নিৰাপত্তা বাহিনীৰ জোৱান শ্বহীদ হোৱাৰ লগতে আন কেইবাজনো আহত হয়৷ বিৱৰণী মতে ছত্তিশগড়ৰ বিজাপুৰ জিলাৰ তাৰেম অঞ্চলত চিআৰপিএফ, ডিআৰজি আৰু এছটিএফৰ যুটীয়া বাহিনীয়ে অভিযান চলাবলৈ যাওঁতেই মাওবাদীয়ে প্রচণ্ড আক্রমণ চলায়৷

ছত্তিশগড়ৰ আৰক্ষী সঞ্চালকপ্রধান ডি এম অবস্তীয়ে প্রকাশ কৰা মতে বিজাপুৰৰ তাৰেম অঞ্চলত মাওবাদীৰ আক্রমণত পাঁচ জোৱান নিহত হোৱাৰ লগতে সংঘর্ষত কেইবাজনো আহত হৈছে৷ নিৰাপত্তা বাহিনীৰ গুলীত এজন মাওবাদীও নিহত হৈছে৷ নিহত নিৰাপত্তা বাহিনীৰ জোৱানৰ ভিতৰত চি আৰ পি এফৰ কোব্রাৰ তিনিজন আৰু ডি আৰ জিৰ দুজন জোৱান আছে৷

উল্লেখ্য যে কিছুদিন পূর্বে ৰাজ্যখনৰে নয়নপুৰ জিলাত ডি আৰ জিৰ জোৱান কঢ়িওৱা বাছ এখন আইইডিৰে বিস্ফোৰণ ঘটোৱাত ৫জন আৰক্ষী জোৱানৰ প্রাণহানি হোৱাৰ লগতে ১৪জন আহত হৈছিল৷

You might also like