নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রমাৎ সুস্থ হৈ উঠিছে ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দ

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল: নতুন দিল্লীৰ এইমছত বাইপাছ ছার্জাৰী কৰা ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দ ক্রমাৎ সুস্থ হৈ উঠিছে৷ ৰাষ্ট্রপতি ভৱনে টুইটযোগে প্রকাশ কৰা মতে যোৱা ৩০ মার্চত এইমছত বাইপাছ ছার্জাৰী কৰা ৰাষ্ট্রপতি কোৱিন্দক আইচিইউৰ পৰা সম্প্রতি বিশেষ কক্ষলৈ স্থানান্তৰ কৰা হৈছে৷ ক্রমাগতভাৱে তেওঁৰ স্বাস্থ্যৰ উন্নতি ঘটিছে৷ চিকিৎসালয়খনৰ বিশেষজ্ঞ চিকিৎসকে ৰাষ্ট্রপতিগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ আছে আৰু তেওঁক জিৰণিৰ পৰামর্শ আগবঢ়াইছে৷

নতুন দিল্লীৰ এইমছত বাইপাছ ছার্জাৰী কৰাৰ পিছত সুস্থ ৰাষ্ট্রপতিগৰাকীয়ে টুইটযোগে তেওঁ কয় যে লাহে লাহে তেওঁৰ স্বাস্থ্যৰ উন্নতি হৈছে৷ চিকিৎসালয়খনৰ চিকিৎসক আৰু তেওঁক শুশ্রূষা কৰা সকলোকে ধন্যবাদ৷ ৭৫ বছৰীয়া ৰাষ্ট্রপতিগৰাকীৰ বুকুৰ পীড়া হোৱাত প্রথমে দিল্লীৰ আর্মী হাস্পতালত ভর্তি কৰোৱা হৈছিল যদিও পাছলৈ এইমছলৈ স্থানান্তৰ কৰা হৈছিল৷

You might also like