নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভা নিৰ্বাচনত NDA-ৰ ঈৰ্ষণীয় ফলাফল

ৰাজ্যসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএয়ে দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াইছে। খালী হোৱা মুঠ ৩৭খন আসনৰ ভিতৰত এনডিএয়ে ২২খন আসনত জয় লাভ কৰিছে।

সোমবাৰে (১৬ মাৰ্চ) হাৰিয়ানা, বিহাৰ আৰু ওড়িশাৰ ১১খন আসনত অনুষ্ঠিত হোৱা নিৰ্বাচনত এনডিএয়ে ৯খন আসন দখল কৰে।

বিহাৰত এনডিএয়ে ৫খন আসনতে জয় লাভ কৰিছে। এইসকল বিজয়ী প্ৰাৰ্থীৰ ভিতৰত আছে নীতিশ কুমাৰ, নীতিন নবীন, উপেন্দ্ৰ কুশ্বৱাহা, ৰামনাথ ঠাকুৰ আৰু শিৱেশ ৰাম।

ওড়িশাৰ ৪খন আসনৰ ভিতৰত ৩খন বিজেপিয়ে আৰু এখন বিজেডিয়ে লাভ কৰিছে। বিজয়ীসকলৰ ভিতৰত আছে মনমোহন সমাল, সুজিত কুমাৰ আৰু দিলীপ ৰয়।

হাৰিয়ানাত ২খন আসনৰ ভিতৰত এখন বিজেপিৰ সঞ্জয় ভাটিয়া আৰু আনখন কংগ্ৰেছৰ কৰমবীৰ বুদ্ধই জয় লাভ কৰে।

অসমত বিজেপিয়ে দুজন নতুন মুখক প্ৰাৰ্থী হিচাপে আগবঢ়াইছিল— যোগেন মহন আৰু তেৰশ গোৱালা। দুয়ো জয়ী হয়। আনহাতে, এনডিএৰ মিত্ৰ দল ইউপিপিএলৰ প্ৰমোদ বড়োয়ো এখন আসনত জয় লাভ কৰে।

ছত্তিশগড় আৰু পশ্চিমবংগত বিজেপিয়ে এখনকৈ আসনত জয় লাভ কৰিছে। ছত্তিশগড়ত লক্ষ্মী বাৰ্মা আৰু পশ্চিম বংগত ৰাহুল সিনহা জয়ী হয়।

মহাৰাষ্ট্ৰত ৭খন আসনৰ ভিতৰত ৬খন আসনত এনডিএয়ে জয় লাভ কৰিছে। ইয়াত ৰামদাস আথাৱালে, বনোদ টাৱড়ে, মায়া চিন্তামন আৰু ৰামৰাও বাডকুটে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে।

এই ফলাফলৰ পিছত ৰাজ্যসভাত এনডিএৰ মুঠ সংখ্যা ১৩৫ৰ ওপৰলৈ বৃদ্ধি পাইছে। এই নিৰ্বাচনৰ জৰিয়তে এনডিএৰ শক্তি অধিক দৃঢ় হোৱা বুলি বিশ্লেষকসকলে মন্তব্য কৰিছে।

ডিজিটেল ডেস্ক, ১৭ মাৰ্চ

You might also like