সম্প্রতি সামাজিক মাধ্যম আমাৰ আধুনিক জীৱনযাত্রাৰ যেন এৰাব নোৱাৰা সংগী হৈ পৰিছে৷ সামাজিক মাধ্যমক লৈ বিতর্কৰো নাই আদি-অন্ত৷ ইয়াৰ ইতিবাচক দিশসমূহৰ সুবিধাৰ বিপৰীতে নেতিবাচক দিশসমূহে সৃষ্টি কৰা সমস্যাই বহুতকে ভবাই তুলিছে৷ সাম্প্রতিক সময়ত সামাজিক মাধ্যমৰ ব্যৱহাৰক লৈ বিভিন্ন ধৰণৰ সমস্যাত পৰিছে বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান বা সেইবোৰৰ বিষয়াবর্গৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতালৈকে৷
সামাজিক মাধ্যমৰ পৃষ্ঠাই পৃষ্ঠাই দেশবিৰোধী কার্যকলাপৰ বিভিন্ন ৰূপ বিয়পি পৰিছে৷ সেই কু–প্রভাৱৰ পৰা মুক্ত হ’ব পৰা নাই সাধাৰণ জনতাৰ লগতে বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান, আনকি সেনা বাহিনীও৷ এই কু–প্রভাৱৰ পৰা সেনা বাহিনীক আঁতৰাই ৰখাৰ বাবে শেহতীয়াকৈ প্রৱর্তন কৰা হৈছে কিছুমান নতুন নিয়ম৷ সেনা বাহিনীৰ লোকসকলক সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ ক্ষেত্রত কিছুমান নীতি-নিয়ম বান্ধি দিয়া হৈছে৷
এই নতুন নিয়ম অনুসৰি সেনাকর্মীসকলে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব পাৰিব৷ কিন্তু চাবহে পাৰিব, তাত কোনোধৰণৰ কমেণ্ট, লাইক বা আন একো কৰিব নোৱাৰিব৷ সংশোধিত এই নির্দেশনাত কোৱা হৈছে যে সেনাকর্মীসকলে কেৱল তথ্য জনাৰ বাবেহে ইনষ্টাগ্রামৰ কণ্টেণ্ট চাব পাৰিব৷ নির্দেশনাটোত কণ্টেণ্ট চোৱাৰ বাহিৰে আন কোনো অংশগ্রহণৰ অনুমোদন নাই৷ সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোকে কোনো ব্যক্তিগত পোষ্ট কৰিব নোৱাৰিব৷
ডিজিটেল ডেস্ক, ২৬ ডিচেম্বৰ :