নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিক্রনৰ বাবে পিছুৱাই দিয়া নহ’ব নির্বাচন

নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ  ক’ভিড মহামাৰীৰ পৰিৱর্তিত প্রকৰণ অমিক্রনৰ সংক্রমণে দেশজুৰি সংহাৰ সৃষ্টি কৰিলেও বিধানসভা নির্বাচন পিছুৱাই দিয়া নহয় উত্তৰ প্রদেশসহ ৫ ৰাজ্যৰ৷ নির্ধাৰিত সময়তে ৰাজ্যকেইখনৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব বুলি মন্তব্য কৰিছে মুখ্য নির্বাচন আয়ুক্ত (চিইচি) সুশীল চন্দ্রাই৷ বৃহস্পতিবাৰে এক সংবাদ মেলত মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে ঘোষণা কৰিছে যে সকলো দলৰ প্রতিনিধিৰ সৈতে আলোচনা চলোৱা হৈছে৷ প্রতিটো দলৰ প্রতিনিধিয়ে স্পষ্টভাৱে জনাই দিছে যে ক’ভিড প্রট’কল মানি নির্ধাৰিত সময়ত অনুষ্ঠিত হ’ব লাগিব নির্বাচন৷ লক্ষণীয়ভাৱে মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে ৮০ বছৰ ঊর্ধ্বৰ, শাৰীৰিকভাৱে অক্ষম আৰু ক’ভিডত আক্রান্ত লোকসকলে ঘৰৰ পৰাই ভোট দিব পাৰিব বুলি মন্তব্য কৰিছে৷

ইয়াৰ উপৰি নির্বাচনত ভোটগ্রহণৰ সময়ত প্রতিটো বুথত ভিভিপেটৰ ব্যৱস্থা কৰা হ’ব বুলিও নির্বাচন আয়ুক্তগৰাকীয়ে ঘোষণা কৰিছে৷ ক’ভিড প্রট’কল উলংঘা কৰি যাতে কোনেও প্রচাৰ চলাব নোৱাৰে, সেই বিষয়টোত নির্বাচন আয়োগক নজৰ দিবলৈ অনুৰোধ জনাইছে ৰাজনৈতিক দলসমূহে৷ স্মর্তব্য যে ভোটদানৰ সময়সূচী পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ নির্দিষ্ট কৰি দিছে আয়োগে৷ লক্ষণীয়ভাৱে উত্তৰ প্রদেশ বা আন ৰাজ্যসমূহৰ বিধানসভা নির্বাচনৰ সময়সূচী এতিয়াও ঘোষণা কৰা নাই নির্বাচন আয়োগে৷ কিন্তু উত্তৰ প্রদেশত আগন্তুক আঢ়ৈ মাহৰ ভিতৰত বিধানসভা নির্বাচন নির্ধাৰিত সময়সূচী অনুসৰি অনুষ্ঠিত হ’ব লাগে৷

You might also like