নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কনিষ্ঠ সহায়কৰ পদত স্থিতাৱস্থাৰ নির্দেশ হাইক’ৰ্টৰ

নিয়মীয়া বাৰ্তা, ৭ মেঃ  ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্রক্রিয়াত ওতপ্রোতভাৱে জড়িত ঠিকা ভিত্তিক কনিষ্ঠ সহায়কসকলৰ চাকৰি স্থিতাৱস্থা বাহাল ৰাখিবলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়কে ৩০ এপ্রিলত কার্যকৰী হোৱাকৈ কনিষ্ঠ সহায়কসকলক বর্খাস্ত কৰাৰ পিছতেই তেওঁলোক উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ ২৫৩গৰাকী ঠিকা ভিত্তিক কনিষ্ঠ সহায়কে দাখিল কৰা আবেদনৰ শেহতীয়াকৈ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে পৰৱর্তী শুনানি পর্যন্ত আবেদনকাৰীৰ চাকৰিত স্থিতাৱস্থাৰ নির্দেশনা দিয়ে৷

উল্লেখ্য যে ২০১৪ চনত এই কনিষ্ঠ সহায়কসকলক জিলা, মহকুমা আৰু ৰাজহ চক্র পর্যায়ত নিযুক্তি দিয়া হৈছিল৷ কিন্তু যোৱা ২৬ মার্চত এখন জাননীযোগে ৰাজ্যিক সমন্বয়কে এপ্রিল মাহৰ সময় দি এই কর্মচাৰীসকলক বর্খাস্ত কৰিছিল৷ ইয়াক লৈ ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷ কিয়নো এতিয়াও আনুষ্ঠানিকভাৱে দেশৰ মহাপঞ্জীয়কে প্রকাশ কৰা নাই ৰাষ্ট্রীয় নাগৰিকপঞ্জী৷ সমান্তৰালভাৱে এতিয়াও নাগৰিকপঞ্জীৰ পৰা বাদ পৰা লোকসকলক প্রদান কৰা হোৱা নাই ৰিজেকচন শ্লিপ৷

You might also like